গোৱালপাৰাৰ ফৰেষ্টগেটত অচিনাকী মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ আৰক্ষীৰ

গোৱালপাৰাৰ ফৰেষ্টগেটত অচিনাকী মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ আৰক্ষীৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ আজি পুৱা গোৱালপাৰা চহৰৰ ফৰেষ্টগেটস্থিত এক্সিজ একাডেমীৰ সন্মুখত থকা কবৰস্থানৰ সমীপত এগৰাকী অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিচেই ৰাতিপুৱা একাংশ পথচাৰীয়ে ৰাস্তাৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰে।

পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে। অৱশ্যে বৰ্তমানলৈকে যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

নীলা ৰঙৰ লংপেন্ট পৰিহিত যুৱকজনক কোনোবা দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰি তাত পেলাই থৈ যোৱা বুলি প্ৰাথমিক তদন্তত আৰক্ষীয়ে অনুমান কৰিছে।

যুৱকজনক চিনাক্ত কৰাৰ স্বাৰ্থতে আমি সেই মৃতদেহৰ ফটো প্ৰকাশ কৰিছো। কোনো লোকে এই যুৱকজনৰ পৰিচয় জানিলে গোৱালপাৰ আৰক্ষীক বা গোৱালপাৰা সদৰ থানাৰ সৈতে যোগাযোগ কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in