গোৱালপাৰা এছবিআইৰ চিএছপি পইণ্ট চিণ্ডিকেটত বৃহৎ কেলেংকাৰী, লম্পট মহিবুৰ-মজিবৰৰ পৰা সাৰি নগ’ল ৭০ বছৰীয়া আইতা, তদন্ত ঘোষণা…

গোৱালপাৰা এছবিআইৰ চিএছপি পইণ্ট চিণ্ডিকেটত বৃহৎ কেলেংকাৰী, লম্পট মহিবুৰ-মজিবৰৰ পৰা সাৰি নগ’ল ৭০ বছৰীয়া আইতা, তদন্ত ঘোষণা…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা এছ বি আইৰ অধীনস্থ ভালুকডুবিস্থিত চি এছ পি চিণ্ডিকেট পইণ্টে খাতিখোৱা গ্ৰাহক ৰাইজৰ কষ্টোপাৰ্জিত সঞ্চিত ধন আত্মসাৎ কৰাৰ দুটাকৈ প্ৰতিবেদন 'অসমীয়া প্ৰতিদিন' আৰু ইয়াৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হোৱাৰ পিছতে জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ঘোষণা কৰা এই তদন্তৰ দায়িত্বভাৰ অৰ্পণ কৰিছে দণ্ডাধীশ সুপ্ৰভা ৰায়ক। জানিব পৰা মতে, দণ্ডাধীশ সুপ্ৰভা ৰায়ে বৃহস্পতিবাৰৰ পৰাই এই কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে। দণ্ডাধীশগৰাকীয়ে চলোৱা তদন্ত প্ৰক্ৰিয়াৰ মাজতে ভালুকডুবিৰ মজিবৰ ৰহমানৰ নামত থকা চি এছ পি চিণ্ডিকেট চেণ্টাৰৰ ইটোৰ পিছত সিটো বিয়াগোম বিত্তীয় কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিবলৈ লৈছে। স্থানীয় সচেতন ৰাইজে জানিব দিয়া মতে, অশিক্ষিত দৰিদ্ৰ আৰু দিন মজদুৰৰ তেজ শোষন কৰা গোৱালপাৰা এছ বি আইৰ দগাবাজ মধোভোগী তথা চি এছ পি চিণ্ডিকেট পইণ্টৰ মাষ্টাৰ মাইণ্ডজনৰ আচল নাম মাহাববুৰ ৰহমান নহয়।লম্পটজনৰ প্ৰকৃত নাম মহিবুল ৰহমানহে।

মাষ্টাৰ মাইণ্ড মহিবুৰ ৰহমান।

এইগৰাকী মহিবুল ৰহমানে নিজ ভাতৃ আৰু আত্মীয় স্বজ্জনৰ নামত জিলাখনৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ ভালুকডুবি, আগিয়াৰ কালপানী-বলবলা আৰু আন ঠাইত স্থাপন কৰা ৪টাকৈ এছ বি আইৰ চি এছ পি চেণ্টাৰৰ জৰিয়তে গ্ৰাহক ৰাইজৰ সঞ্চিত ধন আত্মসাৎ কৰি ধন কুবেৰত পৰিণত হৈছে। দুই ভাতৃদ্বয় মহিবুৰ আৰু মজিবৰ ৰহমানে পৰিচালনা কৰা এই চিণ্ডিকেট চি এছ পি সমূহত ধন সঞ্চয় কৰা প্ৰায় প্ৰতিজন অশিক্ষিত গ্ৰাহকৰে কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ আৰু প্ৰাপ্ত তথ্য মতে চি এছ পিত একাউণ্ট থকা গ্ৰাহকসকলক চিণ্ডিকেট চক্ৰটোত ধন সঞ্চয় কৰাৰ ৰছিদ থিকেই দিয়ে।কিন্তু গ্ৰাহকৰ একাউণ্টত সেই ধন জমা কৰা নহয়। এইক্ষেত্ৰত ভালুকডুবিত থকা গোৱালপাৰা এছ বি আইৰ পঞ্জীয়ন ভুক্ত গ্ৰাহক সেয়া কেন্দ্ৰ(চি এছ পি কোড ১০০২০৬০১)টো বেইমান মহিবুৰ আৰু মজিবৰ ভাতৃদ্বয়ে চি এছ পি চিণ্ডিকেটৰ বেছ কেম্পলৈ ৰূপান্তৰিত কৰি অলেখ অশিক্ষিত আৰু দিন হাজিৰা কৰি খোৱা গ্ৰাহকৰ ওপৰত বিত্তীয় শোষন চলাই আছে।

বলবলাত থকা মহিবুৰৰ চি এছ পি।

চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড মহিবুৰৰ নিজৰ নামত এটি চি এছ পি পইণ্ট আগিয়াৰ কালপানী বলবলাতো আছে।ইয়াতো গ্ৰাহকৰ ধন হেৰফেৰ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে। দুৰ্নীতি সংঘটিত কৰাৰ বাবেই বলবলাত থকা চি এছ পি পইণ্টৰ ফলকত নাই কোড নম্বৰৰ আৰু স্বত্বাধিকাৰ বা পইণ্টৰ নাম। এছ বি আইৰ বিভিন্ন চি এছ পি পইণ্টত ডিজিটেল টিপ চহীৰে একাউণ্ট খুলি ধন সঞ্চয় কৰি ইমানদিনে নিশ্চিত মনে আছিল হেজাৰ হেজাৰ অশিক্ষিত গ্ৰাহক ৰাইজ। কিন্তু যোৱা ১০ আৰু ১২ মে'ত অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত এই ভাতৃদ্বয়ৰ চিণ্ডিকেট চি এছ পিয়ে গ্ৰাহকে সঞ্চয় কৰি অহা ধন আত্মসাৎ কৰাৰ তথ্য ফাদিল কৰাৰ পিছতে গ্ৰাহকৰ মাজত আৰম্ভ হৈছে হাহাকাৰ।বাতৰি কাকতৰ খবৰ পঢ়িব নজনা গ্ৰাহক ৰাইজে বাতৰি প্ৰকাশৰ পিছতে লোকৰ মুখে মুখে কেলেংকাৰী সংঘটিত হোৱা বুলি শুনিব পাই নিজৰ কষ্টোপাৰ্জিত সঞ্চিত ধন সুৰক্ষিত আছে নে নাই তাক জানিবলৈ একাউণ্ট বহি হাতে হাতে লৈ ঢাপলি মেলা কাৰ্য অদ্যাপি অব্যাহত আছে।

ভাতৃ মজিবৰ ৰহমানৰ চি এছ পি পইণ্ট তথা ভালুকডুবিৰ চিণ্ডিকেটৰ বেছ কেম্প।

সচেতন লোকসকলে এনে যিজন গ্ৰাহকৰে একাউণ্ট পৰীক্ষা কৰিছে সেইজন গ্ৰাহকৰে ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিব লৈছে। গ্ৰাহকসকলৰ হাতত চিল চহী মৰা ধন জমা থোৱাৰ ৰছিদ থিকেই মজুত আছে।কিন্তু একাউণ্টত নাই সেই পৰিমানৰ ধন। বেলেঞ্চ ষ্টেটাচত কষ্টোপাৰ্জিত ধন উধাও হোৱা বা শূণ্য থকাৰ কথা শুনাৰ লগে লগে বেংকৰ বাৰাণ্ডতে অচেতন হৈ পৰিছে বন কৰা মহিলা গ্ৰাহকসকল।ওৰে জীৱন এসাঁজ খাই এসাঁজ লোঘোনে থাকি সঞ্চয় কৰা আঢ়ৈ লক্ষাধিক টকা মহিবুৰ-মজিবৰ ভাতৃদ্বয়ৰ চি এছ পিয়ে আত্মসাৎ কৰাত সাংবাদিকৰ আগত কান্দোনত ভাগি পৰিছে ৭০ বছৰীয়া দৰিদ্ৰ আইতা।

ওৰে জীৱনৰ সঞ্চিত ধন লুটিলে দালিমোন নেচা নামৰ ৭০ বছৰীয়া আইতাৰ।

ভালুকডুবিৰ প্ৰগতি নগৰৰ এইগৰাকী সোত্তৰ বছৰীয়া গ্ৰাহক আইতাৰ নাম হ'ল দালিমোন নেচা।তেওঁ অভিযোগ কৰা মতে, ওৰে জীৱন নেখাই সঞ্চিত কৰা ধন সুৰক্ষিত ৰখাৰ বাবে ৩ এ ৮৪২৬৪৬ কোড নম্বৰৰ চি এছ পি পইণ্টত এখন একাউণ্ট খুলিছিল। কিন্তু ধন সঞ্চিত কৰি আহিছিল ভালুকডুবিৰ মজিবৰ ৰহমানৰ ১০০২০৬০১ কোড নম্বৰৰ চি এছ পি পইণ্টৰ জৰিয়তে। আনুমানিক হিচাপত বৰ্তমানলৈকে তেওঁৰ আঢ়ৈ লক্ষাধিক টকা একাউণ্টত থাকিব লাগে।

অৱশ্যে তেওঁ কিছুদিন পূৰ্বে দহ হেজাৰ টকা বেংকৰ পৰা উঠাইছিল।সেই সময়ত তেওঁৰ একাউণ্টত কিমান টকা জমা আছে বুলি মজিবৰৰ পৰা জানিব বিছৰাত 'যিমানে থৈছা,সিমানে আছে'বুলি উত্তৰ কৰিছিল। কিন্তু মহিবুৰ আৰু মজিবৰ ভাতৃদ্বয়ৰ এই কেলেংকাৰীৰ কথা জানিব পাৰি সচেতন লোকৰ জৰিয়তে একাউণ্ট ষ্টেটমেণ্টত পৰীক্ষা কৰাত আইতাগৰাকীৰ মূৰত সৰগ ভাগি পৰে।

ওৰে জীৱন নাখাই সঞ্চিত কৰা আনুমানিক আঢ়ৈ লক্ষাধিক সঞ্চিত ধনৰ বিপৰীতে আইতাৰ একাউণ্টত এতিয়া কেবল মাত্ৰ ৯১৪ টকাহে জমা আছে। ইমানদিনে জমা কৰি অহা সমুদায় ধন লম্পট মহিবুৰ-মজিবৰ ভাতৃদ্বয়ে আত্মসাৎ কৰা বুলি জানিব পাৰি মুক হৈ বেংকৰ ভিতৰতে ঢলি পৰে দালিমোন নেচা।ঘণ্টাৰ পিছত ঘণ্টা ধৰি হুকহুকাই বেংকৰ ভিতৰত কান্দি অথন্তৰ হৈ থকা আইতাগৰাকীক একাংশ সচেতন লোকে যিকোনো প্ৰকাৰে আত্মসাৎ কৰা ধন লম্পটসকলৰ পৰা উদ্ধাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াতহে তেওঁ চুপ হয়।

প্ৰথম অৱস্থাত সচেতন ৰাইজে আইতাৰ একাউণ্টত ইমান টকা আছিল বুলি বিশ্বাস কৰা নাছিল যদিও জাপ জাপ জমাকৃত ধনৰ ৰছিদ দেখুওৱাত তেওঁলোকৰো চকু কপালত উঠে। ঠিক তেনেদৰে আইতাৰ জীয়াৰী নুৰ জাহানৰো একাউণ্টৰ জমাকৃত ১৪ হেজাৰ টকা উধাও হোৱা বুলি দাবী কৰিছে। এয়া কেৱল দুই ভাতৃদ্বয়ৰ ধন আত্মসাতৰ এক উদাহৰণহে।

এনে বহু অশিক্ষিত গ্ৰাহক ৰাইজৰ সঞ্চিত ধন আত্মসাৎ কৰা নতুন নতুন তথ্য পোহৰলৈ আহিয়েই আছে।সেই হিচাপত মহিবুৰ-মজিবৰ ভাতৃদ্বয়ে চি এছ পি চিণ্ডিকেটৰ জৰিয়তে অশিক্ষিত আৰু খাতিখোৱা অগণন সহজ সৰল গ্ৰাহক ৰাইজৰ পৰা কেইবা কোটি টকা আত্মসাৎ কৰাৰ আশংকা প্ৰকট হৈছে। দুই ধুৰন্ধৰ ভাতৃদ্বয়ে এইদৰে অক্ষমনীয় অৰ্থনৈতিক অপৰাধ কৰাত স্বাভাৱিকতে গ্ৰাহক ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনে ঘোষণা কৰা তদন্ত প্ৰক্ৰিয়াত ৰাজহুৱা সাক্ষ্য লোৱাৰ দাবী উত্থাপিত কৰিছে সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in