গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলাত ক্ৰমশঃ বৃদ্ধি পাবলৈ লৈছে কোৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ। মঙলবাৰে পুনৰ ৫৫গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত জিলাখনত এই ভাইৰাছৰত আক্ৰান্ত ৰোগী সংখ্যা পাঁচ শতাধিকৰ ঘৰ অতিক্ৰম কৰিছে।মঙলবাৰে সন্ধিয়া তথ্য আৰু জনসংযোগ বিভাগে সদৰি কৰা তথ্য মতে বৰ্তমান জিলাখনত কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ৫৩৫ জনলৈ বৃদ্ধি হৈছে।

ইয়াৰ ভিতৰত ৩২০ গৰাকী ৰোগী কোৰোনা মুক্ত হোৱাৰ বিপৰীতে ২১৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। সুখৰ খবৰ এয়ে অদ্যাপি জিলাখনত এই ৰোগত আক্ৰান্ত এজনো ৰোগীয়ে প্ৰাণ হেৰুৱাব লগা হোৱা নাই।

মঙলবাৰে ধৰা পৰা ৰোগী কেইজন ক্ৰমে: গোৱালপাৰা চহৰৰ ইউনিয়ন বেংকৰ কৰ্মচাৰী এজন, বিদেশী ন্যায়াধীকৰণৰ কৰ্মচাৰী এজন,গোৱালপাৰা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুজন, আন্ত:জিলা ভ্ৰমণকাৰী দুজন,জিলা কাৰাগাৰত দুজন,গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী তিনিজন, মৰণৈ এভাৰেডি কোম্পানীৰ এজন কৰ্মচাৰীৰ লগতে জিলাখনৰ বিভিন্ন শ্বাব সংগ্ৰহ কেন্দ্ৰত শ্বাব পৰীক্ষা কৰা ৪২জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য যে গোৱালপাৰা জিলাত কোৰোনা ভাইৰাছৰ পৰীক্ষা বৃদ্ধি পোৱাত ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in