গোৱালপাৰৰ এক বজাৰ আনুষ্ঠানিক ভোটগণনাৰ ফলাফলত কংগ্ৰেছৰ অগ্ৰগতি

গোৱালপাৰৰ এক বজাৰ আনুষ্ঠানিক ভোটগণনাৰ ফলাফলত কংগ্ৰেছৰ অগ্ৰগতি

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ মুঠ ১৬ টা জিলা পৰিষদ সমষ্টিৰ ভোটগণনা পূৰ্ণ গতিত চলি আছে। দিনৰ ১ বজালৈ চাৰিটা সমষ্টিৰ বাহিৰে কোনো এটা সমষ্টিৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। জিলা পৰিষদৰ আনুষ্ঠানিক ফলাফলৰ ঘোষণা মতে ৪টা পৰিষদৰ তিনিখনত কংগ্ৰেছে আৰু আনখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে।

ভোট গণনাৰ লেহেমীয়া গতি আৰু খাম খেয়ালিৰ বাবে নিশাৰ ভিতৰত সম্পূৰ্ণ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা যথেষ্ঠ কম যদিও কাইলৈ পুৱাৰ ভাগত জিলা পৰিষদৰ বাকি ফলাফল সমূহৰ আনুষ্ঠানিক ঘোষণা কৰা হ'ব বুলি অনুমান কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমত জনোৱা মতে আজি দিনৰ ১ বজালৈ জিলাখনৰ ৮১টা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ভিতৰত ৪৮ খনৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হৈছে।

ইয়াৰ ভিতৰত এ আই ইউ ডি এফে ৫ খনত, বিজেপিয়ে ১৩ খনত, কংগ্ৰেছে ২০ খনত আৰু নিৰ্দলীয়ই ১০খনত বিয়জ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ৮১ টা গাঁও পঞ্চায়তৰ সভাপতিৰ সদস্য পদৰ ভিতৰতো ৪৭ খনৰ ভোট গণনাৰ ফলাফল ঘোষিত হৈছে। ইয়াৰে ৬টা পদ এ আই ইউ ডি এফে, ৭টাত বিজেপিয়ে, কংগ্ৰেছে ১৮ টাত আৰু নিৰ্দলীয়ই ১৬ টা সভাপতিৰ পদত জয়ী হৈছে।

থিক তেনেদৰে ৮১০ টা ৱাৰ্ড মেম্বাৰৰ পদৰ ৪১৪টাৰ ফলাফল ঘোষণা কৰা হৈছে। ৱাৰ্ড মেম্বাৰৰ ফলাফলতো নিৰ্দলীয় প্ৰাৰ্থীয়ে শেহতীয়া ফলাফলত সৰ্বাধিক জয়ী হৈছে। নিৰ্দলীয়ই ১৬৮ টাত, এ আই ইউ ডি এফে ৩৬টাত, বিজেপিয়ে ৫৬টাত, কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে ১৪৬টাত আৰু অগপই ৮টা ৱাৰ্ডত বিজয় হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in