গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক…

গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাৰ বলবলাৰ গধাৰবড়িত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ইয়ন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত শিশুসহ কমেও ৫জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক লৈ ঘটনাস্থলীত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ।

এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১। ঘটনাস্থলীত ইতিমধ্যে স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈছে। স্থানীয় লোকৰ অভিযোগ যে এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্সৰ লগতে আৰক্ষীৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in