বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গোৱালপাৰা আৰু কাবাইতাৰীৰ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গোৱালপাৰা আৰু কাবাইতাৰীৰ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। উল্লেখ্য যে, গোৱালপাৰা আৰক্ষী প্ৰশাসনে বিগত বৰ্ষৰ পৰাই এই ব্ৰাউন চুগাৰকে ধৰি অইন অবৈধ ড্ৰাগছ, আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হৈ তীব্ৰ অভিযান চলাই বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছসহ জিলাখনৰ বিভিন্ন স্থানৰ পৰা এক ডজনতকৈ অধিক ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। কিন্তু আৰক্ষীৰ চকুত ধূলি দি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে গোৱালপাৰা চহৰকে ধৰা জিলাখনৰ চুকে-কোনে আজিও অব্যাহত ৰাখিছে ড্ৰাগছৰ সাম্ৰাজ্য। ফলত নিষিদ্ধ আৰু মাৰাত্মক ড্ৰাগছৰ আসক্তিত পৰি গোৱালপাৰা চহৰকে ধৰি জিলাখনৰ একাংশ অঞ্চলৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে।

বুধবাৰে পুৱা গোৱালপাৰা চহৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতেন সিনহাৰ নেৰ্তৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰই দিয়া খবৰৰ ভিত্তিত চহৰৰ অন্তৰ্গত ভূৰকাকুছিত চলায় এক বৃহৎ অভিযান। এই অভিযানত বুজন পৰিমানৰ নিচাজাতীয় নীলা টেবলেটসহ তিনিজন ব্যৱসায়ীক অভিযানকাৰী আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ব্যৱসায়ী তিনিওজনৰ পৰা ৩ হেজাৰ নীলা বৰণৰ নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হ'ল -গোৱালপাৰা চহৰৰ অবৈধ ড্ৰাগছ ব্যৱসায়ী শ্বাহাদত আলী আৰু কাবাইতাৰীৰ মুন্না হক চৌধুৰী আৰু ৰফিকুল ইছলাম।

চহৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়া মতে, বুধবাৰে পুৱা ড্ৰাগছ ব্যৱসায়ী মুন্না আৰু ৰফিকুলে গোৱালপাৰা চহৰৰ ড্ৰাগছ ব্যৱসায়ী শ্বাহাদতৰ সহযোগত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি কাবাইতাৰীৰ পৰা গোৱালপাৰা চহৰলৈ বিক্ৰি কৰিবলৈ আনি থকা অৱস্থাত ভূৰকাকুছিত অভিযান চলাই ড্ৰাগ সহ ব্যৱসায়ী তিনিজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in