কোৰোনা ভাইৰাছ: গোৱালপাৰাত ১৩৫৪ জনক হোম কোৱাৰাণ্টেইনত ৰখা হৈছে, খালি কৰা হৈছে অসামৰিক চিকিৎসালয়…

কোৰোনা ভাইৰাছ: গোৱালপাৰাত ১৩৫৪ জনক হোম কোৱাৰাণ্টেইনত ৰখা হৈছে, খালি কৰা হৈছে অসামৰিক চিকিৎসালয়…

ডিজিটেল সংবাদ, গোৱালপাৰা: কোৰোনা ভাইৰাচক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া হাই এলাৰ্ট চলিছে।কোৰোনা ভাইৰাচৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো প্ৰকাৰৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। কোনো এজন লোকে যাতে এই ভাইৰাচত আক্ৰান্ত হৈ অমূল্য জীৱন হেৰুৱাব লগা নহয় তাৰ বাবে 'লকডাউন' ভংগ নকৰিবলৈ বাৰম্বাৰ সতৰ্ক কৰা হৈছে ৰাজ্যবাসীক।

কিন্তু ভয়াৱহ কোৰোনা ভাইৰাচকলৈ আজিও যেন একাংশ লোক সচেতন হোৱা নাই।সকলো দেখিও নেদেখাৰ ভাও লৈ হুৰাহুৰে ওলাই আহিছে ঘৰৰ পৰা।এইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ বিমূৰত পৰিছে আৰক্ষী আৰু নিৰাপত্তা ৰক্ষী। বিশ্বৰ কেইবাখনো উন্নত ৰাষ্ট্ৰ এই মহামাৰীৰ প্ৰকোপত থৰকাছুটি খাইছে।আমাৰ দেশতো আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হ'বলৈ লৈছে। সেয়া সকলোৰে অৱগত।তথাপি এই পৰিস্থিতিক অবজ্ঞা কৰি গোৱালপাৰা জিলাৰ একাংশ গ্ৰাম্য অঞ্চলত অবিবেচক লোকে অজুহাত লৈ লকডাউন ওফৰাই দোকান-পোহাৰ আৰু বাট-পথে টিঘিলঘিলাই ফুৰিছে।

লকডাউনৰ চতুৰ্থ দিনাও অনাহকত লকডাউন ভংগকাৰীসকলক গৰু পিটন দিবলৈ বাধ্য হৈছে আৰক্ষীয়ে।অৱশ্যে গোৱালপাৰা চহৰকে ধৰি জিলাখনৰ কৃষ্ণাই, দলগোমা আদি অঞ্চলৰ একাংশ গঞাঁই পথ বন্ধৰ ফলক আঁৰি চৰকাৰী নীতি-নিৰ্দেশক মানি চলা পৰিলক্ষিত হৈছে।পূৰ্বৰ তিনিটা দিনৰ তুলনাত অত্যাৱশ্যকীয় সা-সামগ্ৰী ক্ৰয় কৰাৰ সময়ত জিলাখনৰ ভিন্ন প্ৰান্তত অধিকাংশ লোকে সচেতনতাৰ পৰিচয় দি সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছে।

গোৱালপাৰা চহৰকে ধৰি জিলাখনৰ বিভিন্ন এলেকাত বিবেচনাহীন লোকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে ঠাইয়ে ঠাইয়ে নিৰাপত্তৰক্ষী নিয়োগ কৰিছে।ফলত ৰাজপথ উদঙীয়া গৰুৰ বিচৰণস্থলী হৈ পৰিছে।জিলা প্ৰশাসন,জনস্বাস্থ্য কাৰিকৰী,অগ্নি আৰু আপাদকালীন, পৌৰ প্ৰশাসন বিভাগে ছেনেটাইজেচনৰ কাম অব্যাহত ৰাখিছে জিলাখনৰ বিভিন্ন অঞ্চলত। জিলা স্বাস্থ্য বিভাগেও কোৰোনা ভাইৰাক প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে।ইয়াৰ বাবে ২০০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন খালি কৰা হৈছে।

অৱশ্যে চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত শনিবাৰলৈকে ৪০গৰাকী প্ৰসূতি ভৰ্তি হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ এক উচ্চস্তৰৰ সূত্ৰই সদৰী কৰা মতে, জিলাখনৰ বিভিন্ন অঞ্চলত বহি:ৰাজ্যৰ পৰা কাম কৰি ঘূৰি অহা আৰু কোৰোনা সন্দেহত মুঠ ১৩৫৪ জনক হোম কোৰাণ্টেইনত ৰখা হৈছে।হোম কোৰাণ্টেইনত ৰখাসকলক স্বাস্থ্য কৰ্মীৰ দলে নজৰত ৰাখি সময়ে সময়ে স্বাস্থ্য পৰীক্ষা চলাই আছে।

আনহাতে জিলাখনৰ মাটিয়া মডেল হাস্পতাল, ধূপধৰা বিকালী মডেল হাস্পতাল, দুধনৈ(এফ আৰ ইউ)হাস্পতাল,পশ্চিম গোৱালপাৰাৰ আমবাৰী বজাৰ মডেল হাস্পতাল আৰু জলেশ্বৰ মডেল হাস্পতালো কোৰোনাৰ বাবে জৰুৰীকালীন ৰোগীৰ বাহিৰে অইন ৰোগীক ৰিলিজ কৰি খালি কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কোৰোনা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দিবলৈ জিলা প্ৰশাসনে ফোন নম্বৰৰ সৈতে ছখন চিকিৎসালয়ত ৬ জনকৈ নডেল বিষয়া নিয়োগ কৰিছে।

এই ভাইৰাচত আক্ৰান্ত বা কোনো সন্দেহজনক ব্যক্তিক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰাৰ বাবে জিলাখনৰ ২০০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়কে ধৰি জিলাখনৰ উল্লেখিত পাঁচখন মডেল হাস্পতালসহ মুঠ ৬খন চিকিৎসালয়ত আছুতীয়া বিছনাৰ ব্যৱস্থা কৰিছে।জিলা তথ্য আৰু জনসংযোগ বিভাগে সদৰি কৰা তথ্য মতে,গোৱালপাৰা অসামৰিক চিকিৎসালয়ত দুটা ভেন্টিলেটৰৰ সৈতে ডা:জানাবীৰ দাস(ফোন নং-৯৯৫৪৬৫৪৩৬৪) ক নডেল বিষয়া হিচাপে নিয়োগ কৰিছে।থিক তেনেদৰে ডা:এ কে তালুকদাৰ(৮৭৬১০৮৪৪২৭)ক মাটিয়া মডেল হাস্পতালত নিয়োগ কৰিছে।ডা: জ্ঞান বসুমতাৰী(৯৬১৩১১০৬৪৩)ক ধূপধৰাৰ বিকালী মডেল হাস্পতালত নিয়োগ কৰিছে।ডা: জয়ন্ত কুমাৰ চাহু(৯৯৫৪০৮০৪৯৬)ক দুধনৈ(এফ আৰ ইউ)হাস্পতালত নিয়োগ কৰিছে।

ডা: আতোৱাৰ ৰহমান(৯৪৩৫২৫৩৫৯৩)ক পশ্চিম গোৱালপাৰাৰ আমবাৰী বজাৰ মডেল হাস্পতালত নিয়োগ কৰিছে আৰু নাথুৰাম ৰাভা(৯৪৩৫০১৩০২১)ক জলেশ্বৰ মেডল হাস্পতালত নিয়োগ কৰিছে।কিন্তু অসামৰিক চিকিৎসালয়কে ধৰি পাঁচোখন মডেল হাস্পতালত পৰ্যাপ্ত চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মী নাই বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in