ফাইল ফটো
ফাইল ফটো

তামিলনাডুত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বেই টুইটাৰত #GoBackAmitShah ট্ৰেণ্ড…

ডিজিটেল ডেস্কঃ শনিবাৰে চেন্নাইত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। বিমান বন্দৰৰ পৰা ওলোৱাৰ সময়ত পথৰ দুয়োকাষত থিয় হৈ তেওঁক শ শ লোকে আদৰণি জনায়। অমিত শ্বাহক আদৰিবলৈ বিমান বন্দৰত উপস্থিত হয় তামিলনাডুৰ মুখ্যমন্ত্ৰী ই পলানীস্বামী, উপ মুখ্যমন্ত্ৰী অ' পন্নীৰছেল্বম, মন্ত্ৰী এল মুৰুগন।

দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী। ২০২১ৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ তামিলনাডুত উপস্থিত হয়। লগতে বহু কাৰ্যসূচীৰ বাবে ৰাজ্যখনত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহ।

কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী তামিলনাডুত উপস্থিত হোৱাৰ পূৰ্বেই টুইটাৰত #GoBackAmitShah ট্ৰেণ্ড আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। অমিত শ্বাহ তথা বিজেপিক কঠোৰ সমালোচনা কৰি হেজটেগ #GoBackAmitShah লিখা ট্ৰেণ্ড চলিছে টুইটাৰত।

একাংশ টুইটাৰত লিখিছে যে- পৰিয়াৰৰ ভূমিতা আপোনাক (অমিত শ্বাহ) আদৰণি জনোৱা হোৱা নাই। আনহাতে, আন একাংশই আকৌ লিখিছে- 'বিজেপি কেতিয়াও তামিনাডুত সফল হ'ব নোৱাৰে। কিয়নো ইয়াত আৰএছএছৰ নীতি, আদৰ্শক কোনোৱে ভাল নাপায়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in