সফলতাৰ ৩৪ টা বছৰ অতিক্ৰমঃ জিএনআৰচি হাস্পতালৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অতীতক সুঁৱৰিলে সকলোৱে, VIDEO

সফলতাৰ ৩৪ টা বছৰ অতিক্ৰমঃ জিএনআৰচি হাস্পতালৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অতীতক সুঁৱৰিলে সকলোৱে, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ "চিকিৎসক আৰু ৰোগীয়ে পৰস্পৰে বুজাবুজিৰ মাজেৰে আগবাঢ়িব লাগিব। ইজনে-সিজনৰ সৈতে যোগাযোগত বিচ্ছিন্নটা বা বুজাবুজিৰ অভাৱৰ বাবে সম্পৰ্কবোৰ দূৰ হৈ গৈছে।" শনিবাৰে জি এন আৰ চি হাস্পতালৰ ৩৪ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিমন্ত্রিত অতিথি হিচাবে উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট চিকিৎসক ডাঃ হীতেশ বৰুৱাই। তেখেতে লগতে কয়, "জি এন আৰ চি হাস্পতালৰ আজিৰ যি অৱস্থা, তেওঁলোকৰ কাম কৰাৰ কৌশল বহুজনৰ বাবে অনুপ্ৰেৰণাস্বৰূপ। খং পৰিহাৰ কৰি সকলো লোকে ইজনে আনজনক সহায় কৰিব পাৰিলে আমি বহুদূৰ আগুৱাব পাৰিম। আৰু এনে কাৰ্যৰ দ্বাৰা আমাৰ মাজত থকা বিভেদো নাইকিয়া হ'ব।"

চিকিৎসকগৰাকীয়ে লগতে কয়, "সমাজৰ লগত চিকিৎসকসকলে যেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব পাৰে সেইয়া এক অতি গুৰুত্বপূৰ্ণ বিষয়। আমি চিকিৎসক সকলে দেশ-জাতিৰ বাবে বহু কৰণীয় আছে বুলি উল্লেখ কৰি তেখেতে কয়, সমাজৰ প্ৰতিজন মানুহে কিবা এটা কৰ্ম কৰিবই লাগিব জীয়াই থাকিবলৈ। চিকিৎসকসকলেও নিজৰ কৰ্ম কৰি গৈছো। প্ৰত্যেকজন ব্যক্তিয়ে নিজ কৰ্মৰে দেশ, জাতিক ৰক্ষা কৰিছে।"

নিৰবচ্ছিন্নভাৱে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা ছুপাৰ স্পেচিয়েলিটী চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চি হাস্পতালে অতিক্ৰম কৰিলে ৩৪টা বছৰ। শনিবাৰে এই উপলক্ষে জি এন আৰ চি দিছপুৰৰ প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। এই বিশেষ দিনটোত কেবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

বিশিষ্ট চিকিৎসক ডঃ প্ৰেম কুমাৰ সিং আৰু ডঃ বিশ্বৰঞ্জণ কলিতাক এই অনুষ্ঠানতে ফুলাম গামোচাৰ লগতে স্মাৰক আৰু এটি উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

ডঃ হীতেশ বৰুৱাকো সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত ডঃ বিশ্বৰঞ্জণ কলিতাই অতীত সোঁৱৰি পূৰ্বৰ জি এন আৰ চি হাস্পতালৰ সৈতে এতিয়াৰ পৰিৱেশ কেনেদৰে সলনি হ'ল সেই কথা আলোকপাট কৰে। তেখেতে কয়, "আজিৰ পৰা ৩০ বছৰৰ আগৰ জিএনআৰচি এতিয়াৰ দৰে নাছিল। বহু কষ্টৰে আৰম্ভ কৰা জিএনআৰচি হাস্পতাল এতিয়া পূৰ্বৰ তুলনাত সম্পূৰ্ণৰূপে সলনি হ'ল। ৰাইজক তেওঁলোকে আৰু সেৱা আগবঢ়াই যাওঁক। মই আশীৰ্বাদ দিছো। ৰাইজৰ বাবে জিএনআৰচিয়ে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো।"

এই অনুষ্ঠানত ডঃ প্ৰেম কুমাৰ সিঙে কয়, প্ৰতিজন চিকিৎসকে ৰোগীৰ সৈতে হাহিঁ-মাতি কথা পাতিব লাগে। তেওঁলোকৰ সমস্যাসমূহ সুধিব লাগে। তেনে এক পৰিৱেশতে ৰোগীসকলেও কোনো এটা সমস্যাৰ কথা অৱগত কৰিবলৈ ভাল পায়।

শনিবাৰৰ অনুষ্ঠানটোত উন্মোচন কৰা হয় জিএনআৰচি হাস্পতালৰ এখন কেলেণ্ডাৰ। মুঠ ১২ গৰাকী বিভিন্ন ক্ষেত্ৰৰ শিল্পীৰ বিষয়ে তুলি ধৰা হৈছে কেলেণ্ডাৰখনৰ প্ৰতিটো মাহৰ সৈতে। সেই ১২ গৰাকী লোককো সম্বৰ্ধনা জনোৱা হয় সুন্দৰৰ অনুষ্ঠানটোত। সম্বৰ্ধনা জনোৱা ১২ গৰাকী শিল্পী হৈছে, সত্ৰীয়া নৃত্যৰ শিল্পী কেহুৰাম বৰা, সমাজকৰ্মী কুমুদ কলিতা, থিয়নাম শিল্পী ভবানন্দ পাঠক, দেৱদাসী নৃত্য শিল্পী প্ৰমীলা তালুকদাৰ, ওজাপালি শিল্পী জয়দেৱ চন্দ্ৰ মেধি, প্ৰকৃতিপ্ৰেমী বুদ্ধেশ্বৰ ৰায়, ভাস্কৰ্য শিল্পী ফণী তালুকদাৰ, টিৱা সাংস্কৃতিক শিল্পী নাদীৰাম দেউৰী, গায়ক ফাৰুক হুছেইন, ঢোলীয়া যোগেন দাস, শিল্পী-লিখক কেশৱচন্দ্ৰ তালুকদাৰ আৰু কৃষক দুলাল মেধি।

উল্লেখ্য যে, এই কেইগৰাকী শিল্পীৰ লগতে সম্বৰ্ধনা জনোৱা দুই বিশিষ্ট চিকিৎসক ডাঃ প্ৰেমকুমাৰ সিং আৰু ডাঃ বিশ্বৰঞ্জন কলিতাক জীৱনজোৰা চিকিৎসা সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে জি এন আৰ চি কৰ্তৃপক্ষই। এই অনুষ্ঠানত জি এন আৰ চিৰ চাৰিওখন হাস্পতালৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

জিএনআৰচি হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া থাউমুংলুং চুখৰুংফাই আদৰণি ভাষণত জিএনআৰচিয়ে বিগত সময়চোৱাত কেনেদৰে ৰাইজক সেৱা আগবঢ়াই আহিছে সেই সন্দৰ্ভত সদৰী কৰে। তেওঁ কয়- জিএনআৰচি হাস্পতালৰ সঞ্চালক ড০ নুমল চন্দ্ৰ বৰাৰ প্ৰচেষ্টা তথা চিকিৎসকসকলৰ কষ্টৰ বাবেই আজি হাস্পতালখনে আশাৰ পোহৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in