কোৰোনাত আক্ৰান্ত ওদালগুৰিৰ উপায়ুক্তক জিএমচিএইচ লৈ প্ৰেৰণ…

কোৰোনাত আক্ৰান্ত ওদালগুৰিৰ উপায়ুক্তক জিএমচিএইচ লৈ প্ৰেৰণ…
  • কোৰোনাত আক্ৰান্ত ওদালগুৰি জিলা উপায়ুক্তক জিএমচিএইচ লৈ প্ৰেৰণ।
  • জিলা উপায়ুক্তৰ চৰকাৰী আৱাসটো কণ্টেইনমেণ্ট জ'ন ঘোষণা স্বাস্থ্য বিভাগৰ।
  • আৱাসটোতে আছে উপায়ুক্তগৰাকীৰ পত্নীসহ পৰিয়াল।
  • বৃহস্পতিবাৰে কোৰোনাৰ পৰীক্ষাৰ ফলাফলত পজিটিভ আহিছিল ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া।
  • স্বাস্থ্য বেয়া বিভাগৰ নিশ্চয়তা অভিযানত নিজৰ স্বাৱ প্ৰদান কৰিছিল উপায়ুক্তগৰাকীয়ে।
  • বিগত দেওবাৰৰ পৰাই হোম কোৱাৰেণ্টাইনত আছিল উপায়ুক্তগৰাকী।
  • কোৱাৰেণ্টানৰত অৱস্থাত কিছু অসুস্থতা অনুভৱ কৰিছিল উপায়ুক্তগৰাকীয়ে।
  • আক্ৰান্ত হোৱাৰ পাছতো শৰীৰত দেখা দিয়া নাই কোৰোনাৰ কোনো লক্ষণ।
  • দুৰ্ভাগ্যবশতঃ স্বাৱ সংগ্ৰহৰ বাবে যোৱা দুই এন‌এইচ‌এম কৰ্মচাৰী ইতিমধ্যে কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
  • জিলা উপায়ুক্তগৰাকী কোৰোনাত আক্ৰান্ত হোৱাত স্বাভাৱিকতে আতংকিত হৈছে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল।
  • ইতিমধ্যে একাংশ কৰ্মচাৰীয়ে স্বাৱ প্ৰদান কৰিছে যদিও আন একাংশ‌ৰ এতিয়াও স্বাৱ দিবলৈ বাকী আছে।
  • বৰ্তমানলৈ কাৰ্যালয়টোৰ স্বাৱ প্ৰদান কৰা কৰ্মচাৰীসকলৰ ফলাফল অহা নাই।
  • জিলা উপায়ুক্তগৰাকী কোৰনাত আক্ৰান্ত হোৱাত উপায়ুক্ত কাৰ্যালয়টোৰ একাংশ বিষয়াও শংকিত হৈ পৰিছে।
  • কোভিড-১৯ সন্দৰ্ভত সঘনে সভাত মিলিত হৈছিল জিলাখনৰ উচ্চপদস্থ বিষয়াসকল।
  • বিগত ১৯ জুনত উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত ক'ভিড সম্বন্ধীয় এক সভাত উপায়ুক্তগৰাকীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী ৰিহন দৈমাৰীও।
  • লগতে উপস্থিত আছিল জিলা আৰক্ষী অধীক্ষককে ধৰি জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকল।
  • ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব বুলি খবৰ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in