সুৰাপান কৰি ৰোগীক প্ৰহাৰ, জিএমচিএইছৰ চিকিৎসকক আটক

সুৰাপান কৰি ৰোগীক প্ৰহাৰ, জিএমচিএইছৰ চিকিৎসকক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সুৰাপান কৰি ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকক আটক কৰে আৰক্ষীয়ে। এই ঘটনাই চিকিত্‍সা মহাবিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰোগীৰ মুখৰ পৰা অক্সিজেনৰ সংযোগ খুলি দিয়াৰো অভিযোগ উত্থাপিত হোৱা এই চিকিৎসকজনৰ নাম অৰ্জুন খাখলাৰী। আই চি ইউৰ ভিতৰত সুৰাপান কৰি উদ্ভণ্ডালি চলোৱাৰ অভিযোগ লাভ কৰাৰ পিছতে  ভঙাগড় আৰক্ষীয়ে চিকিৎসকজনক আটক কৰে।

সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে চিকিৎসকজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেবাজনো চিকিৎসকৰ বিৰুদ্ধে সুৰাপান কৰি উদ্ভণ্ডালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in