শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

কোৰোনাময় হৈ পৰিছে জিএমচিএইচ! ৩ চিকিৎসকসহ জিএমচিএইচৰ ১০ দেহত কোভিড-১৯…

ডিজিটেল ডেস্কঃ অতি ভয়াৱহভাৱে মহানগৰীত কোৰোনাৰ সংক্ৰমণ হোৱাৰ সময়তে কোৰোনা চিকিৎসাৰ মূল অভিকেন্দ্ৰ গুৱাহাটী মহানগৰীত ইজনৰ পাছত সিজন চিকিৎসক চিকিৎসাকৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে। জিএমচিএইচৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিমান সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী কোৰোনাত আক্ৰান্ত হৈছে সেই তথ্য গোপন কৰি ৰাখিলেও বহু সংখ্যক চিকিৎসক-চিকিৎসাকৰ্মীৰ দেহলৈ সংক্ৰমণ হৈছে কোভিড-১৯।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা তথ্য অনুসৰি বুধবাৰৰ দিনটোতে ১০জন চিকিৎসক তথা চিকৎসাকৰ্মীৰ দেহত কোভিড-১৯ ধৰা পৰিছে। মাইক্ৰ’বায়’লজি পৰীক্ষাগাৰত কৰ্মৰত চিকিৎসক ডা অজন্তা শৰ্মা, ডাঃ বৰ্ণালী শৰ্মা আৰু ডাঃ শ্যামল নামৰ ৩ জন চিকিৎসকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে।

ইয়াৰে ডাঃ অজন্তা শৰ্মা এই পৰীক্ষাগাৰটোৰ ভাৰপ্ৰাপ্ত বিষায়ৰ দায়িত্বত আছে। তেওঁৰ উপৰিও এই পৰীক্ষাগাৰত কৰ্মৰত এই বিভাগৰ ৩জন কম্পিউটাৰ অপাৰেটৰ, ৩জন লেবৰেটৰী টেকনিচিয়ান আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দেহত কোভিড-১৯ পোৱাৰ তথ্য পোহৰলৈ আহিছে।

জিএমচিএইচৰ চিকিৎসক তথা চিকিৎসাকৰ্মী এইদৰে কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই চিকিৎসা মহাবিদ্যালয়খনৰ হাস্পতালত চিকিৎসাধীন ৰোগীসকলৰ মাজতো এক শংকিত পৰিৱেশে দেখা দিছে। উল্লেখ্য যে, কোভিড-১৯ৰ গণ সংক্ৰমণকৰ এই সময়ত এই সকল চিকিৎসক বা চিকিৎসাকৰ্মীয়ে এই যুঁজৰ অন্যতম যুঁজাৰুৰূপে সেৱা আগবঢ়াই গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি