গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা চিকিৎসকক শ্লীলতা হানি কৰি আটক হ’ল কৰ্মচাৰী!

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা চিকিৎসকক শ্লীলতা হানি কৰি আটক হ’ল কৰ্মচাৰী!

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ভঙাগড় আৰক্ষী থানাৰ অন্তৰ্গত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মঙলবাৰে এগৰাকী মহিলাক শ্লীলতা হানিৰ অপৰাধত আটক হব লগা হ'ল এজন যুৱক। ধৃত লম্পটটো আব্দুল মালিক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

ঘটনাৰ বিৱৰণী মতে, চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী মহিলা চিকিৎসকক লম্পট যুৱকজনে গাত হাত দি শ্লীলতা হানি কৰিবলৈ লওঁতেই চিকিৎসালয়খনৰ ভিতৰত হুৱাদুৱা লাগে। তাৰ পিছতে সহ চিকিৎসক কৰ্মীয়ে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত লম্পট যুৱক আব্দুল মালিকৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগত এক গোচৰ ৰুজু কৰে।

আনহাতে আৰক্ষীয়ে গোচৰৰ ভিত্তিত লম্পটটোক হাস্পতালৰ পৰা হাতে-লোটে আটক কৰে। ইফালে ধৃত লম্পটটো চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কেজুৱেল কৰ্মচাৰী বুলি আৰক্ষী সূত্ৰই জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in