জি এম চিৰ তৎপৰতাঃ মামণি ৰয়চম পথৰ জলমগ্ন আৱাসিক সকাহ দিবলৈ নিশা উপস্থিত হ’লহি শ্ৰমিক…

জি এম চিৰ তৎপৰতাঃ মামণি ৰয়চম পথৰ জলমগ্ন আৱাসিক সকাহ দিবলৈ নিশা উপস্থিত হ’লহি শ্ৰমিক…

ডিজিটেল ডেস্কঃ মামণি ৰয়চম গোস্বামী পথত থকা এটা পুল মাটিৰে আৱদ্ধ হৈ পৰাৰ ফলত বিগত দুদিন ধৰি বৰষুণ অবিহনেই নলাৰ পানীয়ে যোৱা দুদিন ধৰি বুৰাই ৰাখিছিল ইয়াৰ দাঁতিৰ দুঘৰ আৱাসীৰ লহতে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ পদূলিমুখো। সন্মুখতে থকা গড়াকাপ্তানী বিভাগৰ আৱাসিক এলেকাত চলি থকা নিৰ্মাণ কাৰ্যৰ ফলত ইয়াৰ দাঁতিত থকা নলাটো প্ৰায় বন্ধ হৈ যোৱাৰ উপৰি পথটোৰ থকা এটা পুল এন্দুৰে মাটি তুলি সম্পূৰ্ণৰূপে পুঁতি পেলাইছিল।

ইয়াৰ ফলত পথটোৰ আনটো দাঁতিৰ নলাৰ পানীৰ আৱদ্ধ হৈ ক্ৰমাৎ এলেকাটোৰ কেইবাটাও পৰিয়ালৰ চোতাল লেতেৰা পানীৰে বুৰাই পেলায়। যোৱা বৃহস্পতিবাৰেই বিষয়টো জি এম চিৰ নলা পৰিস্কাৰ কৰা দলৰ দৃষ্টিগোচৰ কৰা হৈছিল যদিও একো ফল নধৰাত আজি দুপৰীয়া আৰু আবেলি আৱদ্ধ পানীৰ ফটো জি এম চিৰ আয়ুক্তলৈ প্ৰেৰণ কৰাৰ লগতে জৰুৰীভাৱে ইয়াৰ প্ৰতিকাৰ নকৰিলে যে বৰষুণ আহিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই বিষয়েও অৱগত কৰা হয়।

অৱশ্যে এই খবৰৰ পিছত নিশা প্ৰায় ৭.০০ বজাত এখন মিনি ট্ৰাক লৈ এগৰাকী কনিষ্ঠ বিষয়াৰ তত্ত্বাৱধানত এদল শ্ৰমিক উপস্থিত হয়। জে চি বিৰ লগতে কোৰ, বেলচা আৰু জবকা জাতীয় সামগ্ৰী লৈ প্ৰায় দুঘন্টাৰো অধিক সময় পুলৰ তলৰ মাটি খান্দি নলাটোৰে আৱদ্ধ পানী প্ৰৱহনৰ পথ মুকলি কৰাৰ বাবে শ্ৰমিকসকলে চেষ্টা অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখাৰ সময়ৰ লৈকে তেওঁলোক সম্পূৰ্ণ সফল হ'ব পৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, ৰে'লপথৰ দাঁতিৰে চানমাৰীৰ পৰা শিলপুখুৰী, উলুবাৰী, ফাঁচী বজাৰ হৈ ভৰলু পৰ্যন্ত থকা নলাটোৰ প্ৰায় খণ্ড বেদখলকাৰীৰ কৱলত পৰি বন্ধ হৈ আছে। তদুপৰি আন অংশতো নলাটো নিয়মীয়াভাৱে পৰিষ্কাৰ নকৰাৰ বাবেই সাধাৰণ এজাক বৰষুণতে চানমাৰীৰ তিনিআলিৰ পৰা মামণি ৰয়চম পথেৰে গান্ধীবস্তি সংযোগী এলেকাটোত কৃত্ৰিম বানে দীৰ্ঘদিনৰে পৰা ৰাইজক হাৰাশাস্তি ভুগাই আহিছে। এই বিষয়টো ৰে'ল কৰ্তৃপক্ষ আৰু জি এম চিয়ে গুৰুত্বসহকাৰে নল'লে আহি থকা সময়ত ই অধিক জটিল সমস্যা ৰূপে থিয় দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in