চিকিৎসালয়তে থাকি চিকিৎসা নোপোৱাকৈ গুচি গ’ল কণমানি নয়ন…

চিকিৎসালয়তে থাকি চিকিৎসা নোপোৱাকৈ গুচি গ’ল কণমানি নয়ন…

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লকডাউনৰ মাজতেই বিনা চিকিৎসাই মৃত্যুক সাৱটিলে এটি ১২ বছৰীয়া শিশুৱে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে চিকিৎসা মহাবিদ্যালয়খনত শিশুটো দুদিন ধৰি চিকিৎসাধীন হৈ আছিল যদিও শিশুটিয়ে পোৱা নাছিল কোনো চিকিৎসা। কোৰোনা ভাইৰাছৰ অজুহাতত শিশুটিক চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক শিশুটিৰ আত্মীয় হেমন্ত কুমাৰে জানিবলৈ দিয়া মতে, জ্বৰত আক্ৰান্ত হৈছিল শিশুটি। সেয়েহে প্ৰথমে তেওঁক লৈ যোৱা হৈছিল ৰঙিয়াৰ স্বাস্তিক নামৰ এখন নাৰ্ছিং হোমলৈ।

এই নাৰ্ছিং হোমখনত শিশুটিক চিকিৎসা কৰিবলৈ অমান্তি হোৱাত পৰিয়ালৰ লোকে তেওঁক লৈ আহিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। চিকিৎসা কৰাৰ সলনি শিশুটিক কোৰোনাৰ পৰীক্ষা কৰাৰ নামত বিনা চিকিৎসাই থৈ দিয়া হৈছিল চিকিৎসা মহাবিদ্যালয়খনত।

মঙলবাৰে শিশুটিৰ কোভিড পৰীক্ষাৰ নিগেটিভ ফলাফল অহাত এজন চিকিৎসক আহি শিশুটিক আল্ট্ৰাছাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে। পৰিয়ালে সেই পৰীক্ষা কৰাৰ পাছত ফলাফল দেখুৱাবলৈ চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগা হৈছিল। এখন চিটি স্কেনো কৰা হৈছিল শিশুটিৰ।

ৰঙিয়াৰ নয়ন কুমাৰ নামৰ এই শিশুটিৰ মৃত্যু হয় বুধবাৰে দিনৰ প্ৰায় ১০.৩০ মান বজাত। কোৰোনাৰ নিগেটিভ অহাৰ পাছত শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৪ নম্বৰ ৱাৰ্ডত ভৰ্তি কৰা হৈছিল। মঙলবাৰে শিশুটিৰ ৰাজহাড়ৰ পৰা তেজ সংগ্ৰহৰ নামত ৪-৫ বাৰ খুচিি ডাক্তৰে এক প্ৰকাৰৰ নিৰ্যাতন চলাইছিল বুলিও এক প্ৰকাৰে অভিযোগ কৰিছে পৰিয়ালৰ লোকে। তাৰ পাছতে একপ্ৰকাৰে শিশুটিৰ মাত নাইকীয়া হৈ গৈছিল আৰু চিকিৎসা কৰিবলৈ চিকিৎসকক হাতে-ভৰিয়ে ধৰিছিল অভিভাৱকে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লকডাউনৰ সময়ত এই দৰে বিনা চিকিৎসাত এটা শিশুৰ মৃত্যু হোৱাৰ পাছত পৰিয়ালৰ লোকো আবেগিক হৈ পৰে। পৰিয়ালৰ স্পষ্ট অভিযোগ যে, কোনো চিকিৎসাই নাপালে শিশুটিয়ে। আমি ডাক্তৰ নাৰ্ছ বিচাৰি দৌৰি ফুৰিব লগা হৈছিল। ডাক্তৰক কিবা এটা কবলৈ গ'লেও ডাক্তৰে কোনো কথাই শুনিব নিবিচাৰে।

এই ঘটনাৰ পাছতে শিশুটিৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে। শিশুটিৰ মৃত্যুৰ পাছতে চিকিৎসক আহি শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিলে। পৰিয়ালক চিকৎসকে জানিবলৈ দিয়া মত ব্ৰেইন ইনফেকশ্যন হৈছিল। কিন্তু কিহৰ বাবে শিশুটিক চিকিৎসা কৰা নহ'ল তাক লৈ পৰিয়ালে প্ৰশ্ন উত্থাপিত কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in