গোলাঘাটৰ উষা-গৰঙা চাহবাগিচাত ডায়েৰীয়া সদৃশ ৰেগত ৪০জনৰো অধিক আক্ৰান্ত

গোলাঘাটৰ উষা-গৰঙা চাহবাগিচাত ডায়েৰীয়া সদৃশ ৰেগত ৪০জনৰো অধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ উষাগৰঙা চাহ বাগিচাত শনিবাৰৰ পৰা ডায়েৰীয়া সদৃশ ৰোগে ভয়ানক ৰূপ ধাৰণ কৰাত মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে। চল্লিশ গৰাকীৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্ত লোক সকলক গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

ইফালে চিকিৎসালয়খনিত বিচনাৰ সংখ্যা কম হোৱত ৰোগী সকল মাটিয়ে-বালিয়ে পৰি থাকিব লগীয়া হৈছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা খোৱাপানীৰ পৰাই ডায়েৰীয়া সদৃশ ৰোগবিধ বিয়পি পৰা বুলি ৰোগীৰ অভিভাৱক সকলে অভিযোগ উত্থাপন কৰিছে।

ৰোগত আক্ৰান্ত লোকসকল হ'ল ক্ৰমে আনন্দ বিলং,ৰঞ্জিত লগুন,মৰিয়া গাৰথী,মৰিয়া ছৰেঙ,শ্ৰালুং কুলো,দেবীয়া ওৰাং,অজিত বাৰীক, অছিটা হেনঙ,ইলিচন তৰ্কী,ৰমেনতিৰকী,ৰামনোজ লগুন,যাচিন্তা ৰহা,বেবিতা বিলুং,মনোজ ভূঞা,ৰতীয়া তিৰকী,শান্তি কীৰো,ৰোচিয়া ছৰেঙ,জোচেফ বাৰলা,সঞ্জয় বৰাক,এলিম কুলো, তপন তাঁতী,দেৱীত তিৰকী,বিনা টিগা,উৰ্মিলা তাঁতী,দেৱ গঢ়,ভদিয়া ভক্ত,ইৰামিছ লগুন,ফ্ৰান্সিছ লগুন,দেৱেশ্বৰী ভূঞা,বাবু কাঁহ আৰু ছালমি তিৰকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in