টকা দিয়ক সেনা বাহিনীত চাকৰি লওক! শোণিতপুৰত এজনে হেৰুৱালে ৬ লাখ টকা, এতিয়া সেনাৰ পোছাকত ঘুৰিছে প্ৰৱঞ্চক…

টকা দিয়ক সেনা বাহিনীত চাকৰি লওক! শোণিতপুৰত এজনে হেৰুৱালে ৬ লাখ টকা, এতিয়া সেনাৰ পোছাকত ঘুৰিছে প্ৰৱঞ্চক…

ডিজিটেল সংবাদ, ওৰাংঃ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাকৰিৰ বজাৰ চলিছে৷ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা দালালৰ প্ৰৰোচনাত পৰি একাংশ লোক সৰ্বস্বান্ত হোৱাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ঠেলামৰাত চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত এজন যুৱক ৰঙাঘৰৰ আলহী হ'ল৷ ঠেলামৰাৰ ৰুহিনী বিল গাঁৱত প্ৰসেনজিৎ শীল নামৰ এজন যুৱকক সেনা বাহিনীত চাকৰি দিয়াৰ নামত অজয় দৈমাৰী ওৰফে যোগেন্দ্ৰ বড়ো নামৰ যুৱক এজনে নিজকে সেনা বাহিনীৰ বিষয়া বুলি পৰিচয় দি ৬ লাখ টকা সংগ্ৰহ কৰিছিল৷ সেনা বিষয়া বুলি নিজকে পৰিচয় দি অজয় ওৰফে যোগেন্দ্ৰই সেনাৰ পোছাক পিন্ধি ঠেলামৰা অঞ্চলত ইতিমধ্যে চাকৰি দিয়াৰ নামত বহু যুৱকৰ পৰা ধন সংগ্ৰহ কৰি কৰিছে৷

ভুৱা সেনা বিষয়া অজয় দৈমাৰী।

চাকৰি দিয়াৰ নামত ধন লোৱাৰ পিছতো বিগত এবছৰে প্ৰসেনজিৎ শীলক চাকৰি দিব নোৱাৰি বিভিন্ন মিছা কথাৰে অজয় দৈমাৰী ওৰফে যোগেন্দ্ৰই দিন পাৰ কৰিছিল৷ ভুক্তভোগী যুৱক জনে দালাল অজয় দৈমাৰীক ফোন কৰি তেওঁ দিয়া ধন আৰু যাৱতীয় নথি পত্ৰ আদি ঘূৰাই নিদিলে আইনৰ আশ্ৰয় লব বুলি কৈছিল৷ পিছত দালাল অজয় দৈমাৰীয়ে তেওঁৰ বন্ধু ঠেলামৰাৰ আমিনুৰ ৰহমান নামৰ এজন যুৱকৰ হাতত শনিবাৰে ধন আৰু যাৱতীয় নথি পত্ৰ সমূহ দি পঠিওৱাৰ কথা কয়৷ কিন্তু ঠেলামৰাৰ আমিনুৰ ৰহমান নামৰ এজন যুৱকে অজয় দৈমাৰীয়ে পঠোৱা নথি পত্ৰ সমূহ প্ৰসেনজিৎ শীলক দিবলৈ ৰুহিনীবিল গাঁৱলৈ অহাৰ পিছতে একাংশ লোকে আমিনুৰক কৰায়ত্ত কৰি ঠেলামৰা আৰক্ষীক গতাই দিয়ে৷

গ্ৰেপ্তাৰ হোৱা আমিনুৰ ৰহমান।

অজয় দৈমাৰীয়ে প্ৰসেনজিতক ধন দিয়াৰ মিছা কথা কৈ আমিনুৰৰ হাতত কাগজ পত্ৰ সমূহহে ঘূৰাই দিবলৈ পঠাইছিল৷ সেনা বাহিনীত চাকৰি দিয়াৰ নামত প্ৰসেনজিতৰ পৰা ৬ লাখ টকা লৈছিল ভুৱা সেনা বিষয়া অজয় দৈমাৰীয়ে৷ জালত পৰিব লাগিছিল মুল অভিযুক্ত অজয় দৌমাৰী কিন্তু তাৰ পৰিবৰ্তে ঘটনাত জড়িত থকাৰ অভিযোগত ভুক্তভোগী যুৱক জনৰ এজাহাৰৰ ভিত্তিত ঠেলামৰাৰ ভেৰগাঁৱৰ আমিনুৰ ৰহমানক আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰি গোচৰ নং ১৩০/১৯ত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬ ধাৰাত গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইপিনে মূল অভিযুক্ত ভুৱা সেনা বিষয়া অজয় দৈমাৰীৰ সন্ধানত অভিযান চলাই আছে ঠেলামৰা আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in