অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে…

অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে…

ডিজিটেল ডেস্কঃ উত্তৰ-পূব দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰে এক সংবাদমেল। সংবাদমেলত সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে- 'যদি আপৰ কোনো নেতা বা কৰ্মী এই হিংসাত্মক ঘটনাৰে জড়িত বুলি প্ৰমাণ হয় তেন্তে তেওঁক দুগুণ শাস্তি বিহিব লাগে।'

উল্লেখ্য যে, আম আদমি পাৰ্টীৰ নেতা তাহিৰ হুছেইনৰ বিৰুদ্ধে দিল্লীত সংঘটিত এই হিংসাত্মক ঘটনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই হিংসাত্মক ঘটনাত নিহত ইণ্টেলিজেন্স ব্যুৰৰ কৰ্মী অংকিত শৰ্মাৰ পৰিয়ালে তাহিৰ হুছেইনৰ বিৰুদ্ধে এই হত্যাৰ তেওঁ দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। তাহিৰ হুছেইনে এই অভিযোগ মিছা বুলি মন্তব্য কৰিছে যদিও, এটা ভিডিঅ'ত তেওঁৰ বাসগৃহত বৃহৎ পৰিমানৰ পেট্ৰল বোমা লাভ কৰা দেখা গৈছে।

ইফালে, সংবাদমেলখনত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়- এই হিংসাত্মকঘটনাত নিহত আৰু আহত লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হ'ব। নিহত সকলৰ পৰিয়ালক ১০লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহত লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানকৰাৰ ঘোষণা কৰে কেজৰিৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in