গীতাৰ্থ গোস্বামীক অসম বিজেপিৰ সাংগাঠনিক সম্পাদকৰ দায়িত্ব…

গীতাৰ্থ গোস্বামীক অসম বিজেপিৰ সাংগাঠনিক সম্পাদকৰ দায়িত্ব…

ডিজিটেল সংবাদ, শিৱসাগৰঃ গীতাৰ্থ গোস্বামীক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ "সাংগঠনিক সম্পাদক" হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। উক্ত পদটো গেৰুৱা দলটোৰ অসম প্ৰদেশৰ সাংগঠনিক অনুক্ৰমত দ্বিতীয়টো শক্তিশালী পদ হিচাপে গণ্য কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি গোস্বামীয়ে বিজেপি অসম প্ৰদেশৰ ভেঁটি সুদৃঢ় কৰাত সাংগঠনিক সাধাৰণ সম্পাদকক সহযোগিতা আগবঢ়াব।

গীতাৰ্থ গোস্বামীক উজনি অসমত বিজেপিৰ সংগঠন মজবুত কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখ্য যে, লক্ষীমপুৰ জিলাৰ ঘৰমৰা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত প্ৰবেশ কৰা গোস্বামী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৩য় বৰ্গ প্ৰশিক্ষিত এজন আজন্ম স্বয়ংসেৱক। তেওঁৰ পিতৃ আৰু দুয়োজন ভাতৃও একো একোজন স্বয়ংসেৱক আৰু মাতৃ এগৰাকী সেৱিকা।

তেওঁৰ পিতৃ সত্ৰাধিকাৰ তথা 'বিশ্ব হিন্দু পৰিষদ'ৰ উত্তৰ পূৱ প্ৰান্তৰ উপ-সভাপতি হোৱাৰ ওপৰিও অন্যান্য বহুতো সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সংঘচালক ডা: কেশৱ বলিৰাম হেডগেৱাৰ বাহিৰে আটাইকেইজন সংঘচালকে গোস্বামীৰ গৃহত আতিথ্য গ্ৰহণ কৰি গৈছে।

গোস্বামী সংঘ পৰিয়ালৰ বিভিন্ন দায়িত্বত আছিল। তেওঁ সংঘৰ গটনায়ক, মুখ্য শিক্ষক, শাখা কাৰ্য্যবাহ, মণ্ডল কাৰ্য্যবাহ, নগৰ কাৰ্য্যবাহ, তেহচিল কাৰ্য্যবাহ, জিলা সহ-শাৰিৰীক প্ৰমুখ, সংঘ বিস্তাৰক, বজৰং দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক সম্পাদকৰো দায়িত্ব পালন কৰিছিল। গীতাৰ্থ গোস্বামীৰ আন এটা পৰিচয় আছে খেলুৱৈ হিচাপে। এসময়ৰ SAI ৰ প্ৰশিক্ষাৰ্থী এই 'দৌৰবিদ'জনে
বিভিন্ন সময়ত ৰাজ্যিক স্তৰত খিতাপ বুটলিবলৈ সক্ষম হৈছিল।

বৰ্তমান এইগৰাকী ব্যক্তি বিজেপি দলৰ অসম প্ৰদেশৰ সাংগাঠনিক সম্পাদক হিচাপে নিযুক্তি হোৱাৰ লগে লগে বিজেপি দলৰ নেতা কৰ্মী সকল উৎফুল্লিত হৈ পৰিছে। শিৱসাগৰ জিলা বিজেপিয়েও গীতাৰ্থ গোস্বামীলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ নেতৃত্বত উজনি অসমত বিজেপিৰ ভেঁটি অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in