শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

দক্ষিণ-পূব এছিয়াত উত্তৰ-পূবৰ ছোৱালীক লৈ বৃহৎ বজাৰ…

1,454

ডিজিটেল ডেস্কঃ পাহাৰ-পৰ্বত, নদ-নদী, চাৰিও দিশে সেউজীয়া ৰঙেৰে আৱৰি থকা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰে এই বৃহৎ অঞ্চলটোত। সৌন্দৰ্যতাৰে ভৰপূৰ উত্তৰ-পূৰ্বাঞ্চলত আছে কিছু ক’লা দিশ। যিবোৰ দিশ জানিলে হয়তো আচৰিত হৈ পৰিব আপুনি।

এই উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় বহু যুৱতী তথা কিশোৰীক কৰ্ম সংস্থাপন, আকৰ্ষণীয় দৰমহা দিয়াৰ প্ৰলোভনেৰে এক চক্ৰই দক্ষিণ পূব এছিয়া তথা ইয়াৰ চুবুৰীয়া দেশসমূহলৈ ৰপ্তানি কৰা বুলি হিন্দুস্তান টাইমছৰ এটা বাতৰিত প্ৰকাশ পাইছে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি, মিজোৰাম আৰু মণিপুৰত অপঞ্জীভুক্ত প্লেচমেন্ট এজেঞ্জীসমূহে এই যুৱতী-কিশোৰী সকলক দক্ষিণ পূব এছিয়া তথা ইয়াৰ চুবুৰীয়া দেশসমূহলৈ কৰ্ম সংস্থাপন দিয়াৰ বিশ্বাসেৰে পঠিয়ায়। উত্তৰ-পূবৰ যুৱতীসকলক লৈ দক্ষিণ পূব এছিয়াত চলি আছে এক বৃহৎ বজাৰ। এজেন্টসমূহে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পঠিয়াই দিয়া যুৱতী-কিশোৰীসকলক কৰ্ম সংস্থাপন দিয়াৰ ভুৱা আশ্বাস দিয়ে যদিও দেশৰ বাহিতৰ যোৱাৰ পাছতহে প্ৰকৃত ছবিখন বুজিব পাৰে যুৱতীসকলে।

যুৱতীসকলক প্রথমে ম্যানমাৰলৈ লৈ যোৱা হয়। এই চক্ৰটোৱে যুৱতীসকলৰ ভাৰতীয় পৰিচয় পত্ৰ তথা আনবোৰ নথিপত্ৰ লগতে ৰাখি ম্যানমাৰৰ পাছপৰ্ট দিয়ে তেওঁলোকক। যাৰ ফলত যুৱতীসকল ভাৰতৰ পৰিৱৰ্তে ম্যানমাৰৰ নিবাসী বুলিহে পৰিচয় পোৱা যায়।

তাৰপাছত কৰ্ম সংস্থাপনৰ সপোন দেখা এই যুৱতীসকলক যৌন কৰ্ম তথা শ্ৰমিক হিচাপে কামত নিয়োজিত কৰে এই দুষ্ট চক্ৰটোৱে। এবাৰ ভাৰতৰ সীমা পাৰ হোৱাৰ পাছত এই চক্ৰটোৰ জালৰ পৰা ওলোৱাৰ কোনো পথ বিচাৰি নাপায় এই যুৱতীসকলে।

ইফালে, মণিপুৰৰ চুৰাচন্দপুৰৰ চাইল্ড ৱেলফেয়াৰ কমিটীৰ মুৰব্বী ফ্ল’ৰেন্স হাউকিপে এই সন্দৰ্ভত কয়- ‘ইয়াৰ পৰা লৈ যোৱা যুৱতীসকলক দুটা ভাগত ভগাই দিয়া হয়। ইয়াৰে এটা ভাগত ধুনীয়া যুৱতীৰ আৰু দ্বিতীয়টো ভাগত আনবোৰ যুৱতীক ভগোৱা হয়। তাত তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰে সেইটো আমি কেতিয়াও জানিব নোৱাৰো। আৰু তাৰ পৰা ভাৰতলৈ ঘূৰি অহাতো অতিকৈ কঠিন হৈ পৰে তেওঁলোকৰ বাবে।কিয় চুৰাচন্দপুৰৰ পৰা ছিংগাপুৰলৈ বহু যুৱতী যায়? এইটো অতি লজ্জাজনক ঘটনা। কিয়নো এই যুৱতীসকলক বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰা হয়।

যুৱতীসকলক দক্ষিণ পূব এছিয়া বা ভাৰতৰ বাহিৰলৈ নিয়াৰ পাছত যৌন কৰ্মৰ সৈতে জোৰজবৰদস্তি জড়িত কৰা হয় নেকি বুলি সাংবাদিকে হাউকিপক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে- এইটো নহয় বুলিও সম্পূৰ্ণ ৰূপে ক’ব নোৱাৰি। কিয়নো এই চক্ৰটোৱে ধুনীয়া যুৱতীসকলক এটা ভাগত বিভক্ত কৰি দিয়ে।

আৰ্থিকভাৱে দুৰ্বল তথা খেতি কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া শ্ৰেণীৰ যুৱতীসকল এই চক্ৰৰ জালত সহজতে পৰে বুলিও উল্লেখ কৰা হৈছে হিন্দুস্তান টাইমছৰ এই বাতৰিটোত। কিয়নো আকৰ্ষণীয় দৰমহা আৰু ভাল খাদ্য পোৱাৰ আশাত যুৱতীসকলে নিজৰ পৰিয়াল, নিজৰ দেশ এৰি বহিঃৰাষ্ট্ৰলৈ যাবলৈ সন্মত হয়। কিন্তু এই দুষ্ট চক্ৰই ইয়াৰ সুযোগ গ্ৰহণ কৰি এনেধৰণৰ অবৈধ কাৰ্যত তেওঁলোকক বলপূৰ্বকভাৱে নিয়োজিত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি