শেহতীয়া খবৰ
মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO

8,783

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। সমগ্ৰ বিশ্বত এই মহামাৰী ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৬৪ হাজাৰো অধিক লোক। বিশ্বত এনে পৰিস্থিতিৰ মাজতে চীন ভ্ৰমণ কৰা ভাৰতীয় লোকসকলক ৰখা এটা কেম্পত কেইগৰাকীমান যুৱতীয়ে আনন্দ-উল্লাহ কৰি নৃত্য কৰা এটা ভিডিঅ’ই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে।

দৰাচলতে এই যুৱতীগৰাকী কেইটামান মাহৰ পূৰ্বে ভ্ৰমণ কৰিছিল চীনৰ য়ুহান চহৰ। কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে এই যুৱতীকেইগৰাকীক মাতি অনা হৈছিল দিল্লীৰ এটা চিকিৎসা কেন্দ্ৰলৈ। সন্দেহ কৰা হৈছিল যে, যুৱতীগৰাকীৰ দেহত কোৰোনা ভাইৰাছে স্থিতি ল’ব পাৰে। কিন্তু পৰীক্ষাৰ অন্তত যুৱতীগৰাকীৰ দেহত কোনো ভাইৰাছৰ উপস্থিতি পোৱা নগ’ল। ইয়াৰ পাছতে চিকিৎসা কেন্দ্ৰটোতে মুত্যুদূত কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ আনন্দত গানৰ তালে তালে নৃত্য কৰিলে যুৱতী কেইগৰাকীয়ে।

ভিডিঅ চাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

https://khabar.ndtv.com/video/show/news/people-dance-at-coronavirus-quarantine-facility-in-delhi-540973

ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ’টোত অন্য লোকসকলে মুখত মাস্ক বান্ধি কেৰম আৰু টেবুল টেনিছ খেলি থকা দেখা গৈছে। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ পাছত চীনৰ পৰা প্ৰায় ৬০০ গৰাকী ভাৰতীয় লোকক দেশলৈ অনা হৈছে। ইয়াৰে ৪০৬ গৰাকী লোক দিল্লী আই টি বি টি সেনা চাউনীত আৰু বাকীসকলক মানচেৰ আৰ্মী কেন্দ্ৰত ৰখা হৈছে। মঙলবাৰৰ লৈকে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চীনত মৃত্যু হৈছে প্ৰায় ১৮৬৮ গৰাকী ৰোগী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি