যমুনামুখত সন্দেহ জনক অৱস্থাত ঘৰৰ ভিতৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

যমুনামুখত সন্দেহ জনক অৱস্থাত ঘৰৰ ভিতৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কামপুৰঃ হোজাই জিলাৰ যমুনামুখ মাজগাঁৱত শুকুৰবাৰে ঘৰৰ ভিতৰতে ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ৷ ভেলেন্টাইন ডে'ৰ নিশা সংঘটিত হয় এই ঘটনা৷ মৃতদেহৰ কাণত হেড ফোন, শৰীৰৰ বিভিন্ন ঠাইত আঘাত থকালৈ চাই এইয়া আত্মহত্যা নহয় এক হত্যাকাণ্ড বুলি দাবী কৰিছে যুৱতী গৰাকীৰ পৰিয়ালে৷

শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি যুৱতী গৰাকীৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পাছত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ যমুনামুখ কলেজৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী চুস্মিতা ঘোষক ভেলেন্টাইন ডে'ৰ নিশা ঘৰত কোনো নথকা অৱস্থাত কোনো দূৰ্বত্তই হত্যা কৰি ঘৰৰ ভিতৰৰ এডাল বাঁহত ওলমাই থয় বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে৷ যুৱতী গৰাকীক কোনে কিয় হত্যা কৰিলে সেইয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত৷ পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি যমুনামুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in