হায়দৰাবাদৰ চিকিৎসক যুৱতী ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে দিল্লীৰ সংসদভৱনৰ সন্মুখত যুৱতীৰ প্ৰতিবাদ

হায়দৰাবাদৰ চিকিৎসক যুৱতী ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে দিল্লীৰ সংসদভৱনৰ সন্মুখত যুৱতীৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ চিকিৎসক যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে দিল্লীৰ এগৰাকী যুৱতীয়ে। অনু ডুবে নামৰ যুৱতীগৰাকীয়ে 'আমাৰ ভাৰতত আমি নিৰাপদ নহয়' লিখিত প্লেকাৰ্ড লৈ ধৰ্ষণকাৰীক শাস্তি প্ৰদান আৰু মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। পিছত দিল্লী আৰক্ষীয়ে যুৱতীগৰাকীক আটক কৰি পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী চকীলৈ লৈ যায়।

ইফালে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক হোৱা যুৱতীগৰাকীয়ে কয়, 'আমাৰ দেশত আমি মহিলাসকলেই সুৰক্ষিত নহয়। মই প্ৰতিটো ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। কেৱল হায়দৰাবাদৰ ধৰ্ষণ কাণ্ডই নহয়, সমগ্ৰ দেশত সংঘটিত হৈ থকা এনে অপৰাধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।'

উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰা যুৱতীগৰাকীক পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানালৈ লৈ যোৱাৰ পিছতে থানাত উপস্থিত হয় দিল্লী মহিলা আয়োগৰ এটা প্ৰতিনিধি দল। পিছত মহিলা আয়োগৰ হস্তক্ষেপত আৰক্ষীয়ে অনু ডুবেক মুক্তি প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in