প্ৰেমত বাধা ধৰ্ম! জালুকবাৰীত ১৩ বছৰীয়া কিশোৰীৰ আত্মহত্যা

প্ৰেমত বাধা ধৰ্ম! জালুকবাৰীত ১৩ বছৰীয়া কিশোৰীৰ আত্মহত্যা

ডিজিটেল সংবাদ, গুৱাহাটীঃ তোৰো মনে গলে, মোৰো মনে গলে কি কৰিব অজাতি কুলে। প্ৰেমে নামানে জাত-পাত, নামানে ধৰ্মৰ বাধা। পিছে সমাজে? একবিংশ শতিকাত আধুনিকতাই চৰম সীমাত উপনীত হ'লেও ধৰ্মীয় সংকীৰ্ণতাৰ পৰা আজিও মুক্ত হ'ব পৰা নাই এই দেশ, এই ৰাজ্যৰ কোটি কোটি লোক। এনে সংকীৰ্ণতাৰ সৈতে হোৱা প্ৰেমৰ সংঘাতৰ পৰিণতিতে বহুতে অকালতে হেৰুৱাই আহিছে প্ৰাণ।

দেশৰ ভিন্ন প্ৰান্তত এনে ঘটনা সূলভ যদিও অসমত তেনে ঘটনাৰ সংখ্যা তেনেই তাকৰ। ইয়াৰ মাজতে দেওবাৰে মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপৰ দ জলাশয়ত এগৰাকী কিশোৰীয়ে জাপ দি আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে এই চাঞ্চল্যৰ।

প্ৰেম কি সেয়া বুজি পোৱাৰ বয়স নৌহওতেই প্ৰেমজনিত কাৰণতে কিশোৰীগৰাকীয়ে এই চৰম পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে যদিও সবিশেষ জনোৱাৰ পৰা বিৰত আছে।

স্থানীয় লোকসকলে জনোৱা মতে, হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ ওচৰৰে আন ধৰ্মৰ এগৰাকী যুৱকৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। এই কথাতে ক্ষুণ্ণ হৈ পৰে কিশোৰীগৰাকীৰ পৰিয়াল। বিধৰ্মী লোকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা বাবে পৰিয়াল তথা আত্মীয় আৰু ওচৰ-চুবুৰীয়াৰ পৰা বিভিন্ন ককৰ্থনা পোৱাৰ অন্তত মানসিকভাৱে ভাগি পৰে কিশোৰীগৰাকী।

মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকী শনিবাৰৰে পৰা সন্ধানহীন হৈ পৰে। ফলত পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ আৰক্ষীক খবৰ দিয়ে। স্থানীয় কেইজনমান লোকে যুৱতাগৰাকীক জলাশয়টোৰ পাৰত প্ৰত্যক্ষ কৰা বুলি জানিবলৈ দিয়াত জাঁপ দিয়াৰ সন্দেহ কৰি অভিযান চলোৱা হয়।কেবাঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত জলাশয়টোৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ।

আন একাংশ লোকে আকৌ প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনৰ সৈতে কিশোৰীগৰাকীয়ে কোনো গোপন স্থানলৈ পলায়ন কৰা বুলিও সন্দেহ ব্যক্ত কৰালৈ চাই আৰক্ষীয়ে উক্ত সন্দেহক গুৰুত্বসহকাৰে লৈ প্ৰেমিক যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। উক্ত অভিযানত আৰক্ষীয়ে ছাজিদ খান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাটোক লৈ অঞ্চলটোত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। একাংশ সংকীৰ্ণ লোকে সমগ্ৰ ঘটনাৰ বাবে কিশোৰীগৰাকীকে জগৰীয়া কৰাৰ বিপৰীতে উদাৰমনা লোকসকলে ইয়াৰ বাবে সমাজ ব্যৱস্থাকে জগৰীয়া কৰা দেখা গৈছে। বৰ্তমান সময়তো ধৰ্ম, জাত-পাতৰ বাবে এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে মানসিক নিৰ্যাতনৰ বলি হৈ এনেদৰে আপোনঘাতী হ'বলগীয়া হোৱা ঘটনাক দুৰ্ভাগ্যজনকো অখ্যা দিছে সচেতন লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in