জিএমচিএইচৰ আছুতীয়া চিকিৎসা কক্ষত চীনত অধ্যয়নৰত ছাত্ৰী চিকিৎসাধীন, কোৰোনা ভাইৰাছৰ সন্দৰ্ভত পৰীক্ষাগাৰৰ পৰীক্ষা অব্যাহত

জিএমচিএইচৰ আছুতীয়া চিকিৎসা কক্ষত চীনত অধ্যয়নৰত ছাত্ৰী চিকিৎসাধীন, কোৰোনা ভাইৰাছৰ সন্দৰ্ভত পৰীক্ষাগাৰৰ পৰীক্ষা অব্যাহত

ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আছুতীয়া কক্ষত চিকিৎসাধীন হৈ আছে চীনত অধ্যয়নৰত এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী। জানিব পৰা মতে, যোৱা ৬ ফেব্ৰুৱাৰীত চীনৰ পৰা দিল্লী, কলকাতা হৈ অসমলৈ অহা ছাত্ৰীগৰাকী জ্বৰিয়া গাৰে বৃহস্পতিবাৰে পুৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ জৰুৰী চিকিৎসা বিভাগত পিতৃৰ সৈতে উপস্থিত হয়।

বুধবাৰৰ নিশাৰে পৰা জ্বৰ, পানীলগাত ভোগা ছাত্ৰীগৰাকীয়ে নিজেই প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছত চিকিৎসকে প্ৰাথমিক পৰীক্ষাসমূহ কৰে যদিও তেওঁ ইব'লা ভাইৰাছত আক্ৰান্ত হ'ব পাৰে নেকি সেয়া নিশ্চিত কৰাৰ বাবে সংগ্ৰহ কৰা কণ্ঠনলীৰ লেলাৱতীৰ পৰীক্ষাৰ প্ৰতিবেদন শনিবাৰে পুৱাহে লাভ কৰিব।

সেয়েহে ছাত্ৰীগৰাকীক বৰ্তমান ঘৰলৈ যাবলৈ নিদি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা হিচাপেই বৰ্তমান আছুতীয়া কক্ষত নিৰীক্ষণত ৰাখিছে। উল্লেখ কৰা প্ৰয়োজন যে, এনে এটা সময়ত ছাত্ৰী গৰাকী চীনৰ পৰা আহি অসমত উপস্থিত হৈছেহি যিটো সময়ত কোৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণে দেশখনত বিপৰ্যয়ৰ সৃষ্টি কৰিছে।

আনহাতে এনে এক সময়ত চীনৰ পৰা ভাৰতৰ কেবাটাও বিমানবন্দৰ পাৰ হৈ অসমৰ ঘৰত উপস্থিত হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে লগত কোৰোনা ভাইৰাছ বহন কৰি আনিছে নেকি সেয়া প্ৰথমটো বিমানবন্দৰত নামোতে হ'ব লগা পৰীক্ষণত নিশ্চিত হ'ব লাগিছিল। কিন্তু কেবাটাও বিমানবন্দৰ পাৰ হৈ অসমৰ নিজ ঘৰত উপস্থিত হোৱাৰ পিছত জ্বৰ, পানীলগাত ভোগা ছাত্ৰীগৰাকী বিমানবন্দৰসমূহত হোৱা স্বাস্থ্য পৰীক্ষা সন্দৰ্ভত নিজেই পতিয়ন যাব পৰা নাই।

সেয়েহে জ্বৰ, পানীলগাত ভুগি শংকিত হোৱা সচেতন ছাত্ৰীগৰাকী নিজেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নিজৰ অধ্যয়নথলী আৰু পৰিভ্ৰমণ পথৰ বিৱৰণ দাঙি ধৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় শংকা চিকিৎসকৰ ওচৰত ব্যক্ত কৰে। ইফালে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষয়ো তাৎক্ষণিকভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি তেওঁক আছুতীয়া কোঠাত নিৰন্তৰ পৰ্যবেক্ষণত ৰখাৰ সিদ্ধান্ত লয়।

লগতে যাৱতীয় আৰু অত্যাৱশ্যকীয় সকলো ধৰণৰ পৰীক্ষাৰ জৰিয়তে শংকামুক্ত হ'লেহে তেওঁক চিকিৎসালয় এৰিবলৈ দিয়া হ'ব বুলি জিএমচিএইচৰ অধীক্ষকে জানিবলৈ দিছে। স্মৰ্তব্য যে, চীনকে ধৰি দক্ষিণ পূব এছিয়াৰ কেবাখনো দেশ ভ্ৰমণ কৰা কেবাজনো ভাৰতীয় লোক কোৰোনা ভাইৰাছত আক্ৰান্ত বুলি ভাৰতত ইতিমধ্যে চিনাক্ত হৈছে।

বৃহস্পতিবাৰেও কলকাতা বিমানবন্দৰত বেংককৰ পৰা অহা দুজন লোকৰ গাত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তৎস্বত্বেও এই সময়চোৱাত বিমানযোগে ভ্ৰমণৰত লোকসকলৰ বহুতৰ মতে, দেশৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসমূহত কোৰোনা ভাইৰাছৰ পৰীক্ষণ ব্যৱস্থা বৰ্তমান লৈকে বিশ্বাসযোগ্যভাৱে পৰ্যাপ্ত হৈ উঠা নাই। যাৰ বাবেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰী এগৰাকীয়ে নিজেই এনেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহি সংক্ৰমণৰ সম্ভাৱ্য সকলো পৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in