শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

ফেঁকুৰি ফেঁকুৰি কান্দিছিল ৯ বছৰীয়া এলংগৱামেঃ ভিডিঅ’ দেখি ‘গ্ৰীণ এম্বেছেদৰ’ বনালে মুখ্যমন্ত্ৰীয়ে, VIDEO

1,333

ডিজিটেল ডেস্কঃ মণিপুৰৰ এটি ৯ বছৰীয়া শিশুৰ এটা কান্দি থকাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শিশুটিক ৰাজ্য চৰকাৰৰ ‘গ্ৰীণ মণিপুৰ মিছন’ৰ এম্বেছদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে। দৰাচলতে এলংগৱাম ভেলেন্টিনা নামৰ কন্যা শিশুটিৱে ভিডিঅ’টোত পথ নিৰ্মাণৰ বাবে গছ কটাৰ বাবেই কান্দি আছিল।

জানিব পৰা মতে, কন্যা শিশুটিৱে চাৰি বছৰ পূৰ্বে তাইৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত দুটা গছ পুলি ৰোপন কৰিছিল। য’ত তাই নিতৌ পানী দিছিল, চোৱা-চিতা কৰিছিল। এতিয়া সেই পুলি দুটাই গছৰ ৰূপ ধাৰণ কৰিছিল। শেহতীয়াকৈ পথ বহল কৰাৰ বাবে এই গছ দুডাল কাটি পেলোৱা হয়। যি সময়ত গছ দুডাল কটা হয় সেই সময়ত বিদ্যালয়লৈ গৈছিল পঞ্চম শ্ৰেণীত অধ্যয়নৰত এলংগৱাম ভেলেন্টিনা। তাই যেতিয়া বিদ্যালয়ৰ পৰা উভতি কটা গছ দুডাল প্ৰত্যক্ষ কৰে, তেতিয়া তাই আৰু চকুপানী ৰখাব নোৱাৰিলে। ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে কণমানি শিশুটিয়ে।

ইফালে শিশুটিৰ এই কান্দি থকাৰ দৃশ্য কোনোৱে ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াই প্ৰচাৰ কৰে। এই ভিডিঅ’টো লাহে লাহে ভাইৰেল হৈ পৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ হাততো। তাৰ পিছতে শিশুটিৰ প্ৰকৃতিপ্ৰেম দেখি এলংগৱাম ভেলেন্টিনাক ‘গ্ৰীণ মণিপুৰ মিছন’ৰ এম্বেছদৰ হিচাপে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘এই শিশুটিৰ পৰা আমি সকলোৱে শিকিব লগা বহু আছে। ইমান কম বয়সতে তাই প্ৰকৃতিপ্ৰেম দেখি মই আচৰিত হৈছো। সেইবাবেই তাইক ‘গ্ৰীণ মণিপুৰ মিছন’ৰ এম্বেছদৰ হিচাপে নিযুক্তি দিছো। সকলোৱে এই কণমানি শিশুটিক অনুসৰণ কৰক আৰু এখন সেউজ ধৰা সৃষ্টিত সহায়ক হওক।’- এলংগৱাম ভেলেন্টিনাৰ প্ৰশংসা কৰি এই দৰে কয় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ইফালে শিশুটিক ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মানৰ বাবে আনন্দ প্ৰকাশ কৰিছে শিশুটিৰ পিতৃ এলংগৱাম প্ৰেমকুমাৰ আৰু মাতৃ এলংগৱাম শায়াইও।

Angang acna kaplibse ateigi natte Mahak na class 1 karakpdagi thajkhib U( tree) gunmahor pambi 2 khak ngasi Mahak na Scholl halkpkda lambi sembda phukdokpirmme adugi angang asina thamoi sokna thengthari. Mahakna hairi U pambi 20 amga thakhini Haina… Hiyanglam Makha Leikai

Monen Elangbam ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶುಕ್ರವಾರ, ಆಗಸ್ಟ್ 2, 2019
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি