কি আইন প্ৰণয়ন হ’লে ৰাজনীতিৰ পৰাই অৱসৰ ল’ব এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে….

কি আইন প্ৰণয়ন হ’লে ৰাজনীতিৰ পৰাই অৱসৰ ল’ব এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে….

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পৰা কেতিয়া অৱসৰ ল'ব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে? শনিবাৰে এই প্ৰশ্নৰ উত্তৰ নিজেই দিলে মন্ত্ৰীগৰাকীয়ে। শনিবাৰে এক জনসভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যিদিনাই ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন হ'ব, সিদিনাই তেওঁ ৰাজনীতিৰ পৰা সন্যাস ল'ব।

তেওঁ কয়, 'জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন হোৱাটো মোৰ অন্তিম ইচ্ছা। আৰু যেতিয়াই এই ইচ্ছা পূৰণ হ'ব, সিদিনাই মই ৰাজনীতিৰ পৰা নিজকে পৃথক কৰিম। মোৰ কোনো মুখ্যমন্ত্ৰী হোৱাৰ চখ নাই। মুখ্যমন্ত্ৰী পদৰ বাবে মোৰ দৰে ব্যক্তি যোগ্যও নহও।'

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'মইতো ৰাজনীতিলৈ অহাৰ কাৰণেই আছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু কাশ্মীৰত ধাৰা ৩৭০ৰ অন্ত পেলোৱা। মোৰ এই ইচ্ছা এতিয়া পূৰণ হৈছে। মাথো এটাই ইচ্ছা এতিয়া মোৰ আছে। সেয়া হৈছে ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন হোৱাটো। সেয়া হ'লেই মোৰো ইচ্ছা পূৰণ হ'ব। তাৰ পিছত ৰাজনীতিৰ পথাৰত থাকি লাভ কি?'

আনহাতে বিহাৰৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। লগতে অসমৰ পিছত বিহাৰ, পশ্চিম বংগতো এন আৰ চি প্ৰস্তুত কৰা হ'ব বুলিও পুনৰ এবাৰ মন্তব্য কৰে গিৰিৰাজ সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in