১০০০ কোটি পানীত! যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে জিঅ’নি

১০০০ কোটি পানীত! যিকোনো মুহূৰ্ততে বন্ধ হ’ব পাৰে জিঅ’নি

ডিজিটেল ডেস্কঃ বন্ধ হ'ব পাৰে অতি কম সয়মৰ ভিতৰতে বিশ্বৰ আগশাৰীৰ স্মাৰ্টফোন কোম্পানী হিচাপে পৰিগণিত হ'বলৈ সমৰ্থ হোৱা জিঅ'নি। পিছে ব্যৱসায়ত লোকচানৰ বাবে নহয়, আন এক কাৰণৰ বাবেহে স্মাৰ্টফোন কোম্পানীটো ডুবিবলৈ লৈছে।

প্ৰতিষ্ঠানটোৰ এনে দশাৰ বাবে দায়ী স্বয়ং স্বত্বাধিকাৰী লিউ লিৰং। কথাতেই কোৱা হয় যে সুৰা, সুন্দৰী আৰু জুৱাই ৰজাকো পথৰ ভিখাৰী কৰি তুলিব পাৰে। জিঅ'নিৰো সেয়াই হৈছে। জিঅ'নিৰ সৰ্বেসৰ্বা লিউ অৱশ্যে সুৰা আৰু সুন্দৰীৰ প্ৰতি আসক্ত নহয়, তেওঁ আসক্ত জুৱাৰ নিচাত।

জুৱাত লিউ ইমানেই মগ্ন যে এদিনতে তেওঁ হেৰুৱাই পেলাইছে ১৪ কোটি ৪৪ লাখ মাৰ্কিন ডলাৰ। ভাৰতীয় হিচাপত এই পৰিমাণ হৈছে ১০০০ কোটিৰো অধিক। জুৱাত ইমান বৃহৎ পৰিমাণৰ ধন হেৰুৱাৰ ফলত জিঅ'নিৰ ভিতৰচ'ৰাত বিভিন্ন ক্ষেত্ৰত দেখা দিছে সমস্যাই।

প্ৰকাশিত বাতৰি অনুযায়ী জিঅ'নিৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ লিউ লিৰঙে এটা কেছিনোত জুৱাত ভাগ লৈ এনেদৰে সৰ্বস্বান্ত হয়। ইমানখিনি ধন এনেয়ে উৰি যোৱাৰ পিছত দুদিনতে বহু পৰিমাণৰ ধন অনাদায় হৈ পৰে জিঅ'নিৰ। পৰিস্থিতি এনে পৰ্যায় পাইছে যে ধন পাবলগীয়া সংস্থাসমূহে বাধ্য হৈ চীনৰ অাদালতত জিঅ'নিক দেউলীয়া ঘোষণা কৰাৰ বাবে আবেদন জনাইছে।

আদালতে জিঅ'নিক দেউলীয়া ঘোষণা কৰিলেই যিকোনো মুহূৰ্ততে প্ৰতিষ্ঠানটো বন্ধ হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি দাবী কৰিছে বজাৰ বিশেষজ্ঞসকলে। অৱশ্যে জুৱা খেলা বুলি স্বীকাৰ কৰিলেও কোম্পানীৰ ধন জুৱাত ব্যৱহাৰ কৰাৰ কথা এই পৰ্যন্ত মানি লোৱা নাই লিউৱে। অচিৰেই ধন যিসকলক দিবলগীয়া আছে সকলোকে দিবলৈ ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰি কৰ্মচাৰী তথা গ্ৰাহক সকলোকে আশ্বস্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিঅ'নিৰ স্বত্বাধিকাৰীগৰাকীয়ে।

https://www.asomiyapratidin.in/cimon-first-ai-robot-in-space-accuses-astronaut-of-not-being-nice/

উল্লেখ্য যে, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ২০১৩ চনত ভাৰতত প্ৰৱেশ কৰিছিল জিঅ'নিয়ে। ভাৰতত প্ৰৱেশৰ পিছতে অতি কম সময়ৰ ভিতৰতে স্মাৰ্টফোনৰ বজাৰৰ অধিকাংশই দখল কৰিবলৈ সমৰ্থ হয় প্ৰতিষ্ঠানটোৱে। এনে পৰিপ্ৰেক্ষিতত কোম্পানীটো বন্ধ হোৱাৰ উপক্ৰম ঘটাৰ বাতৰিয়ে জিঅ'নিৰ ভাৰতীয় ডিষ্ট্ৰিবিউটৰ তথা গ্ৰাহকসকলক বাৰুকৈয়ে চিন্তাত পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in