তেজপুৰ জি আই এম টিৰ বাৰ্ষিক আলোচনী ‘জিমচিয়ান’ উন্মোচন…

তেজপুৰ জি আই এম টিৰ বাৰ্ষিক আলোচনী ‘জিমচিয়ান’ উন্মোচন…

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক আলোচনী 'জিমচিয়ান'ৰ ষষ্ঠ সংখ্যাটো আজি (১০।০৮।২০১৯) উন্মোচন কৰা হয়।

কাৰিকৰী মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰীৰ সাহিত্য প্ৰতিভা বিকাশৰ সুযোগ আগবঢ়াই প্ৰতিবছৰে প্ৰকাশ কৰা আলোচনীখনিৰ উন্মোচক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ম'লিকোলাৰ বায়'লজী আৰু বায়'টেকন'লজী বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ বৰা।

ড° বৰায়ে নিজৰ গৱেষণা আৰু কৰ্মজীৱনৰ অভিজ্ঞতা সামৰি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। সফলতা লাভৰ কাৰণে আত্মবিশ্বাস আৰু আত্মবিশ্লেষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ আগত বহলাই বাখ্যা কৰে। আলোচনীখন উন্মোচনৰ পিছতে তেওঁ ইয়াৰ ওপৰত এক চমু আলোকপাত আগবঢ়ায় । তেওঁৰ লগতে অতিথি মল্লিকা দত্তয়ো ভাষণ আগবঢ়ায়।

আলোচনীখনৰ ষষ্ঠ সংখ্যাৰ সম্পাদক ছাত্ৰ হিমাংশু চহৰীয়াই সকলোৰে সহায়-সহযোগিতা স্বীকাৰ কৰি কৃতজ্ঞতা জনায়। সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে সকলোকে ধন্যবাদ যাঁচি সামৰণি ভাষণ প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in