পাৰস্পৰিক সহযোগিতাৰে বিশ্ববিদ্যালয়খনক আগুৱাই নিবলৈ চেষ্টা কৰিমঃ ড০ প্ৰতাপ জ্যোতি সন্দিকৈ…

পাৰস্পৰিক সহযোগিতাৰে বিশ্ববিদ্যালয়খনক আগুৱাই নিবলৈ চেষ্টা কৰিমঃ ড০ প্ৰতাপ জ্যোতি সন্দিকৈ…

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দায়িত্ব ল'ব ড০ প্ৰত্যাপ জ্যোতি সন্দিকৈয়ে। জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ প্ৰত্যাপ জ্যোতি সন্দিকৈয়ে ১৯৯২চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল।

ম'লিকুলাৰ বায়'টেকন'লজী সন্দৰ্ভত ইংলেণ্ডৰ LEICESTER ইউনিভাৰ্ছিটীৰ পৰা পোষ্ট ডক্টৰেল গৱেষণা কৰা ড০ সন্দিকৈ জৈৱ প্ৰযুক্তি সন্দৰ্ভত যোৱা ৩০ বছৰে ICAR-IARI নতুন দিল্লী, NBRI লক্ষ্ণৌ, CAZRI যোধপুৰ, নেশ্যনেল ল' স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটী আদি প্ৰতিষ্ঠানৰ সৈতে জড়িত।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত সন্দিকৈয়ে ২০১০-১৩লৈকে বিশ্ববিদ্যালয়খনৰ এই বিভাগৰ মুৰব্বী ৰূপেও দায়িত্ব পালন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগজিকিউটিভ কাউন্সিলৰ লগতে গুৱাহাটী ইউনিভাৰ্ছিটী ক'ৰ্টৰো তেওঁ সদস্য আছিল।

DRC বায়'টেকনল'জীৰ অধ্যক্ষ, CCS বায়'টেকন'লজীৰ অধ্যক্ষ ৰূপেও তেওঁ দায়িত্ব পালন কৰিছিল। ৰাজ্যৰ জৈৱ প্ৰযুক্তিৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ অৱদান আছে। ২০১৭চনত অসম চৰকাৰে ঘোষণা কৰা এডভান্টেজ আছাম পলিচীৰ মুল মানুহজন আছিল ড০ সন্দিকৈ।

দেশ বিদেশৰ পৰা বিভিন্ন সন্মানেৰে সন্মানিত সন্দিকৈয়ে ২০১৭চনত Fellow of London Society ২০০৪-৫ বৰ্ষৰ Biotechnology Overseas Associateship সন্মানো লাভ কৰিছে। ১৪৫খনৰো অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত প্ৰকাশ পাইছে তেওঁৰ। ৪০খনৰো অধিক গ্ৰন্থ লিখক, বিজ্ঞান বিষয়ত ২০০ তথ্যগধূৰ প্ৰবন্ধ ইংৰাজী আৰু অসমীয়াত লিখা সন্দিকৈয়ে জৈৱ প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াইছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন সন্মানীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰাৰ পাছত তেখেতৰ সৈতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হৈ মৃদুল কুমাৰ সন্দিকৈৰে হোৱা বাৰ্তালাপৰ সম্পাদিত ৰূপঃ

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ ছাৰ অভিনন্দন।

ড০ সন্দিকৈঃ ধন্যবাদ।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ নতুন দায়িত্ব অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে আনুষ্ঠানিকভাৱে কেতিয়া আপুনি দায়িত্ব গ্ৰহণ কৰাৰ কথা ভাবিছে?

ড০ সন্দিকৈঃ বুধবাৰে মই এই দায়িত্ব গ্ৰহণ কৰিম।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ উপাচাৰ্য ৰূপে এইখন বিশ্ববিদ্যালয়ৰ দায়িত্ব লোৱাৰ পাছত প্ৰথম আপোনাৰ কৰণীয় কি হ'ব?

ড০ সন্দিকৈঃ মই সকলোবোৰ কথা এতিয়ালৈকে ভবা নাই। কিন্তু এটা কথা মই সিদ্ধান্ত লৈছো, গুৱাহাটী বিশ্ববিদ্যালয়ত এক সুপৰিৱেশ আৰু পাৰস্পৰিক বুজাপৰাৰে এই বিশ্ববিদ্যালয়খনৰ সকলোৱে যাতে সহযোগিতাৰে আগবাঢ়িব পাৰো, তেনে ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চেষ্টা কৰিম। কৰিব লগা বহু কামেই আছে। পাৰ্যমানে সেইবোৰ ৰূপায়নৰ চেষ্টা কৰা হ'ব।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ শিক্ষক-ছাত্ৰৰ সম্বন্ধ অন্য এক গুৰুত্বপূৰ্ণ দিশ। গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক-ছাত্ৰৰ সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ অৱকাশ আছেনে?

ড০ সন্দিকৈঃ নিশ্চয় সেইটো খুব গুৰুত্বপূৰ্ণ। সেই দিশত কৰিব লগা বহু কাম আছে। তেনে কিছু চিন্তা চৰ্চা মাই কৰি থৈছো। সময়ত সেইবোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিম।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূবৰে এখন উল্লেখযোগ্য বিশ্ববিদ্যালয়। কৃষ্ণকান্ত সন্দিকৈৰ দৰে ব্যক্তিয়ে এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব পালন কৰি গৈছে। সাম্প্ৰতিক সময়ত এই বিশ্ববিদ্যালয়ক আৰু আগুৱাই নিবলৈ কি কি কাম মুলতঃ কৰিব লাগিব?

ড০ সন্দিকৈঃ অতি খৰখেদাকৈ মই এতিয়াই নকওঁ। কিন্তু কৰণীয় আমাৰ বহু আছে সেই কথা মই কৈছো। সুপৰিকল্পিতভাৱে সেইবোৰ সম্পাদন কৰি বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ বাবে চেষ্টা চলাম। মই পুনৰ কওঁ- পাৰস্পৰিক সহযোগিতাৰ আধাৰত বিশ্ববিদ্যালয়খনক আমি আগুৱাই নিব লাগিব।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে ধন্যবাদ।

ড০ সন্দিকৈঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in