কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰৰ বিনামূলীয়া গ্ৰন্থ বিতৰণ

কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰৰ বিনামূলীয়া গ্ৰন্থ  বিতৰণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ লক্ষ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ। কিতাপ পঢ়াৰ আন্দোলন তথা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই একক প্ৰচেষ্টাৰে হাতত লৈছে এক কাৰ্যসূচী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ মুন তালুকদাৰে নিজৰ সম্পাদনাৰে প্ৰকাশিত "ভাৰত বিশ্বৰ সাধাৰণ জ্ঞান" নামৰ গ্ৰন্থ খনি জালুকবাৰী তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰে।

প্ৰায় ৫০ খনৰো অধিক গ্ৰন্থ বিতৰণ কৰা এই কাৰ্য্যসূচীত সহযোগিতা কৰে জ্ঞান যাত্ৰাৰ সমন্বয়ক ৰাহুল ডেকাই। ইফালে অনাগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত জ্ঞান বিজ্ঞানৰ সহায় হোৱাকৈ এই গ্ৰন্থখনি বিতৰণ কৰিব বুলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ গৰাকীয়ে জনায়। আনহাতে এই বিতৰণ কাৰ্যসূচীত কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সহযোগ কৰিব বিচাৰিলে ৭৫৭৬৯-৩৪৪৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in