চাঞ্চল্যকৰ কাণ্ড! অৰুণাচলী যুৱকে অপহৰণ কৰিলে মহানগৰীৰ বিদ্যালয়ৰ অধ্যক্ষক…

চাঞ্চল্যকৰ কাণ্ড! অৰুণাচলী যুৱকে অপহৰণ কৰিলে মহানগৰীৰ বিদ্যালয়ৰ অধ্যক্ষক…

ডিজিটেল ডেস্কঃ মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৰণ কৰা হ'ল এখন বিদ্যালয়ৰ অধ্যক্ষক। ভৰত নাথ দত্ত নামৰ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক বামুনীমৈদামত থকা বিদ্যালয়ৰ পৰাই এক দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিছিল।

ঘটনাৰ বিৱৰণী মতে, ভৰত নাথ দত্তক শুকুৰবাৰে বিদ্যালয়ৰ পৰা দুৰ্বৃত্তৰ দলটোৱে জোৰ কৰি উঠাই লৈ গৈছিল গাড়ীত। দুখন গাড়ীত আহিছিল এই দুৰ্বৃত্তৰ দলটো। দলটোৱে বিদ্যালয়ত প্ৰৱেশ কৰি তৰ্কাতৰ্কিৰ অন্তত ধৰি লৈ গৈছিল বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক।

এই চাঞ্চল্যকৰ ঘটনাৰ পাছতেই পৰিয়ালৰ লোকে চানমাৰি থানাত দাখিল কৰিছিল এক এজাহাৰ। সেই এজাহাৰৰ পাছতেই মহানগৰ আৰক্ষীয়ে তৎপৰ হৈ পৰিছিল বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ সন্ধানত। আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদমাধ্যমৰ আগত সদৰী কৰা মতে, ইতিমধ্যে উদ্ধাৰ কৰা হৈছে অপহৃত ভৰত নাথ দত্তক।

আৰক্ষীয়ে জানিব পৰা মতে, অৰুণাচলী ছাত্ৰ-ছাত্ৰীৰ পৰা যথেষ্ট টকাৰ লেনদেন কৰিছিল পৰীক্ষাৰ নামত। প্ৰতিশ্ৰুতি দিয়া অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক সেই সুবিধা প্ৰদান কৰাৰ বিপৰীতে ধন আত্মসাৎ কৰাৰ বাবেই অৰুণাচলী যুৱকৰ দলে অধ্যক্ষগৰাকীক লৈ গৈছিল বিদ্যালয়ৰ পৰা।

মহানগৰ আৰক্ষীয়ে তৎপৰতাৰে বিশ্বনাথ আৰক্ষীৰ সহযোগত বিশ্বনাথ-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ পৰা অধ্যক্ষগৰাকীক উদ্ধাৰ কৰে।অৱশ্যে আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে অপহৰণকাৰী দলটোক। শুকুৰবাৰে এই চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হৈছিল।

উদ্ধাৰ কৰা বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক অসম আৰক্ষীয়ে জিম্মাত লৈ এই ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে। মহানগৰৰ মাজমজিয়াৰ পৰাই এখন বিদ্যালয়ৰ অধ্যক্ষক এনেদৰে অপহৰণ কৰা ঘটনা এতিয়া পোহৰলৈ অহাৰ পাছত এই কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in