গুৱাহাটী ৰে’লৱে ষ্টেচনত কোৰিয়ান চিগাৰেটসহ ২জনক আটক…

গুৱাহাটী ৰে’লৱে ষ্টেচনত কোৰিয়ান চিগাৰেটসহ ২জনক আটক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ পল্টন বজাৰ ৰে'লৱে ষ্টেচনত শনিবাৰে পুৱা ৮ বজাত ৰে'লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেটসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী দুটা মণিপুৰৰ অৰবিন্দ কুমাৰ(২৩) আৰু চি কাৰ্তিক (২৬) বুলি ৰে'লৱে আৰক্ষীয়ে জনায়।

ৰে'লৱে আৰক্ষীয়ে প্ৰকাশ কৰা মতে ডিমাপুৰৰ পৰা বাংগালুৰুলৈ বিক্ৰীৰ বাবে নিবলৈ লোৱা নামনি মুৱা যশবন্ত এক্সপ্ৰেছ ৰে'লত আৰক্ষীয়ে অভিযান চলাই ৩০০ পেকেট কোৰিয়ান চিগাৰেট জব্দ কৰে। ইফালে চিগাৰেটখিনিৰ বজাৰ মূল্য আঢ়ৈ লাখ টকা বুলি জানিব পৰা গৈছে। আনহাতে ৰে'লৱে আৰক্ষীয়ে আটকাধীন দুয়োটা সৰবৰাহকাৰীক সোধ পোচ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in