গুৱাহাটী প্ৰেছ ক্লাৱত ‘আপকু’ৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

গুৱাহাটী প্ৰেছ ক্লাৱত ‘আপকু’ৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতো দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন মুকৈ 'আপকু'ৱে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সোমবাৰে পুৱাৰ ভাগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পতাকা উত্তোলন কৰে আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিঙে।

এই পতাকা উত্তোলন কাৰ্যসূচীৰ পৰাই আপকুৱে প্ৰতিদিন টাইম আৰু দৈনিক অসম কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ অসাধু ব্যক্তিয়ে ৰাজহুৱাভাৱে অপদস্থ কৰা ঘটনাৰ সম্পৰ্কত গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে অসমৰ সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে এক বিশেষ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰে আপকুৱে।

উক্ত কাৰ্যসূচীত ৰাজ্যত ইতিমধ্যে প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যচা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে আপকুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আপকুৱে কয় যে, ১৯৯১চনৰ পৰা ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ এজনো হত্যাকাৰীয়ে আইনৰ দৃষ্টিত শাস্তি নাপালে। ৰাজ্য চৰকাৰে যাতে এই গোচৰবোৰৰ তদন্তৰ খৰটকীয়া কৰি দোষীক আদালতৰ জৰিয়তে উচিত শাস্তি দিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

তাৰপাছত মুকতি সভাত আপকুৱে আমাৰ অসম কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মা আৰু ইউ বি ফটোজৰ জ্যেষ্ঠ ফটো সাংবাদিক উৎপল বৰুৱাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। উৎপল বৰুৱা বিশেষ কাৰণত প্ৰেছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ ফটো সাংবাদিক আব্দুল ছাজিদে সম্বৰ্ধনা গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in