ৰহস্য! ‘সাদিন’ত কৰ্মৰত বুলি সৌম্যদ্বীপ দত্তই কেনেকৈ পালে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰিচয় পত্ৰ…

ৰহস্য! ‘সাদিন’ত কৰ্মৰত বুলি সৌম্যদ্বীপ দত্তই কেনেকৈ পালে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰিচয় পত্ৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ মাজতেই পোহৰলৈ আহিছে ন ন তথ্য। সাংবাদিকৰ এই মঞ্চত এচাম সাংবাদিকতাৰ বৃত্তিৰে জড়িত নথকা লোকেও সদস্য পদ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

কেৱল এয়াই নহয়, কোনো কাকতৰ নাম লৈ কিছু সংখ্যক লোকে ভুৱাকৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰিচয় পত্ৰ লোৱাৰ তথ্যও ফাদিল হৈছে। অভিযোগ মতে, গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা সাধাৰণ সদস্য হিচাপে সৌম্যদ্বীপ দত্তক দিয়া হৈছিল এখন পৰিচয় পত্ৰ।

০৯৬৪ নম্বৰৰ এই কাৰ্ডখনত সৌম্যদ্বীপ দত্তই 'সাদিন' সাপ্তাহিক কাকতত কৰ্মৰত বুলি উল্লেখ কৰা হৈছে। যিখন কাৰ্ডৰ ম্যাদ আছে ২০২০চনৰ ৩১ মাৰ্চলৈ। সাদিন কাকতত সৌম্যদ্বীপ দত্ত নামৰ কোনো সাংবাদিক প্ৰত্যক্ষভাৱে কৰ্মৰত নোহোৱাৰ পাছতো কিদৰে সৌম্যদ্বীপ দত্তই এই পৰিচয় পত্ৰ লাভ কৰিলে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in