আলফা-ছালফা, সেনাবাহিনীৰ অভিযান আৰু অসম আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস ‘আকাংক্ষা’ উন্মোচন…

আলফা-ছালফা, সেনাবাহিনীৰ অভিযান আৰু অসম আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস ‘আকাংক্ষা’ উন্মোচন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম আন্দোলন, আলফা-ছালফাৰ সংঘাত আৰু সেনা-বাহিনীৰ অভিযান আদিক উপজীব্য কৰি লিখা লেখিকা মৰমী শৰ্মাৰ 'আকাংক্ষা' নামৰ উপন্যাসখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। বিশিষ্ট কথাশিল্পী দেৱব্ৰত দাসে গ্ৰন্থখন উন্মোচন কৰি কয় যে- শৰ্মাৰ উপন্যাসখনত নিশ্চয়কৈ অসমৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ ইতিহাস প্ৰতিফলিত হ'ব। দাসে ঐতিহাসিক ঘটনাৰ আলমত লিখা উপন্যাসত সকলো দৃষ্টিকোণ সামৰিবলৈ লেখক সকলৰ প্ৰতি আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে- মৰমী শৰ্মাই ইতিবাচকভাবে লেখা মেলা কৰি আহিছে আৰু এই উপন্যাসৰ জৰিয়তে তেওঁ ৰাইজৰ মাজলৈ অধিক সবল ৰূপত আগবাঢ়ি যাব বুলি তেওঁ বিশ্বাস কৰে। তেওঁ অসমৰ লেখত ল'বলগীয়া সাহিত্যিকসকলৰ শাৰীত ভৰি দিয়াৰ পথত মৰমী শৰ্মাৰ এইটো এটা শক্তিশালী খোজ বুলিও মন্তব্য কৰে।

বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা আৰু নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ড: কবিতা চৌধুৰীয়ে মৰমী শৰ্মাৰ এই গ্ৰন্থ ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে। এই গ্ৰন্থ খনৰ প্ৰকাশক হ'ল গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়াহাইপ । অনুষ্ঠানত প্ৰজ্ঞা মিডিয়াহাইপ ৰ তৰফৰ হৈ উজ্জ্বল বৰাই কয় যে- মৰমী শৰ্মাৰ গ্ৰন্থখন 'সোঁতৰ বিপৰীতে ' যোৱা বুলি তেওঁ বিশ্বাস কৰে আৰু সেয়ে ৰাইজৰ মৰমৰ অংশীদাৰ হ'ব বুলি আশাবাদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in