গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহানগৰীত আৰক্ষী, বেটিলিয়ানৰ জোৱান, হোম গাৰ্ড, চিআৰপিএফৰ জোৱানকে ধৰি মুঠ ২০৩জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত মহানগৰ আৰক্ষী ৪৮জন, অসম পুলিচ বেটিলিয়ানৰ ১১৫জন, হোম গাৰ্ডৰ ১৫জন, কেন্দ্ৰীয় অৰ্ধসামৰিক আৰক্ষী বাহিনীৰ ২০জন আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত কৰ্মৰত এজন চাফাই কৰ্মী আৰু তিনিজন ৰান্ধনী কোভিড-১৯ত আক্ৰান্ত হৈছে। অৱশ্যে সেই সকলৰ ভিতৰত ৭৩জন আৰোগ্য হৈছে আৰু ১৩০জন বৰ্তমানো চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in