মহানগৰ আৰক্ষীৰ বিশেষ সফলতা! কটনৰ ছাত্ৰীৰ কাঢ়ি নিয়া নথিপত্ৰৰ বেগ ৬ ঘন্টাতে উদ্ধাৰ কৰি গতাই দিলে তহলদাৰী বাহিনীয়ে… VIDEO

মহানগৰ আৰক্ষীৰ বিশেষ সফলতা! কটনৰ ছাত্ৰীৰ কাঢ়ি নিয়া নথিপত্ৰৰ বেগ ৬ ঘন্টাতে উদ্ধাৰ কৰি গতাই দিলে তহলদাৰী বাহিনীয়ে… VIDEO

ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে তেওঁলোকৰ বিদ্যালয়, মহাবিদ্যালয় অথবা শিক্ষানু্ষ্ঠানৰে জড়িত নথিপত্ৰসমূহ কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। কিন্তু সেই নথিপত্ৰবোৰ হেৰাই গ'লে ভীষণ সমস্যাৰ সন্মুখীন হ'ব পাৰে ছাত্ৰ-ছাত্ৰী। তেনে এক ঘটনাই সংঘটিত হৈছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ।

কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰতিক্ষা হাজৰিকা নামৰ ছাত্ৰীগৰাকী ছ'চিয়েল মিডিয়াত দিছিল তেওঁৰ নথিপত্ৰ হেৰুওৱা বুলি এক ভিডিঅ'। এই ভিডিঅ'টোত ছাত্ৰীগৰাকীয়ে কয়- 'নমস্কাৰ মোৰ নাম প্ৰতিক্ষা হাজৰিকা। কটন ইউনিভাৰ্ছিটীৰ ষ্টুডেণ্ট হয় মই। আজি মই পৰীক্ষা দিবলৈ আহিছিলো। আজি দিল্লী ইউনিভাৰ্ছিটীৰ এন্ট্ৰেন্স পৰীক্ষা আছিলে। মোৰ ভাইতি উলুবাৰীৰ পৰা ফটাশিল আমবাৰীলৈ আহি আছিলে। তাৰপাছত তাৰ বাইকৰ পৰা মোৰ ফোন, পাৰ্চ, ডকিউমেন্ট কোনোবাই টানি নিছে বুলি কৈছে। কিন্তু সেইটো মই ভালকৈ নাজানো যিহেতু মই পৰীক্ষাত আছিলো। মোৰ হাতত এতিয়া এখনো ডকিউমেন্ট নাই। ফোনটোও চুইছ অফ হৈ আছে। যদি কোনোবাই পাই তেন্তে মোক জনাব। আৰু কাইলৈ মোৰ পৰীক্ষা আছে। গতিকে কোনোবাই যদি পাইছে জনাওঁক।'

প্ৰতিক্ষা হাজৰিকাই এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰি যি খবৰ পোৱাৰ আশাত আছিল, সেই খবৰে পালে তেওঁ। তেওঁৰ হেৰুওৱা নথিপত্ৰসমূহ সৌভাগ্যক্ৰমে লাভ কৰিলে গুৱাহাটী আৰক্ষীয়ে। হেৰুওৱাৰ ৬ ঘন্টাতে নথিখিনি উদ্ধাৰ কৰি আৰক্ষীয়ে গতাই দিছে ছাত্ৰীগৰাকীক। ৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.৪২ বজাত গুৱাহাটী আৰক্ষীয়ে এক টুইট কৰে। টুইটটোত গুৱাহাটী আৰক্ষীয়ে লিখিছে- 'নিথপত্ৰসমূহ উদ্ধাৰ কৰা হৈছে আৰু ছাত্ৰীগৰাকীক দিয়া হৈছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in