মহানগৰীৰ পেট্ৰ’ল পাম্পত ব্যাপক ভিৰ…

মহানগৰীৰ পেট্ৰ’ল পাম্পত ব্যাপক ভিৰ…
  • গুৱাহাটী মহানগৰীৰ পেট্ৰ'ল পাম্পত ব্যাপক ভিৰ।
  • পেট্ৰ'ল-ডিজেল ভৰাবলৈ পেট্ৰ'ল পাম্পত ভিৰ যান-বাহনৰ চালকৰ।
  • ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ পেট্ৰ'ল পাম্প বন্ধৰ ঘোষণা কৰিছিল পেট্ৰ'ল পাম্প এছচিয়েশ্যনে।
  • তাৰপাছতেই কামৰূপ মেট্ৰ'ৰ প্ৰশাসনৰ সৈতে আলোচনা হৈছিল এছচিয়েশ্যনটোৰ তথা তেল কোম্পানীৰ প্ৰতিনিধিৰ।
  • উঠাই লোৱা হৈছিল ৪৮ ঘন্টীয়া পেট্ৰ'ল পাম্প বন্ধৰ কাৰ্যসূচী।
  • এই খবৰ এতিয়াও পোৱা নাই এচাম যান-বাহন চালকে।
  • যাৰ বাবে এনেদৰে পেট্ৰ'ল পাম্প বন্ধ হ'ব বুলি মহানগৰীৰ প্ৰতিটো পেট্ৰ'ল পাম্পতে ভিৰ কৰিছে তেওঁলোকে।
  • অসমীয়া প্ৰতিদিনক কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে-
  • দীৰ্ঘসময় ধৰি চলা আলোচনাৰ অন্তত এই বন্ধ কাৰ্যসূচী উঠাই লোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in