দৰিদ্ৰ বিৰোধী সিদ্ধান্ত! সুলভ মূল্যৰ কেৰাচিন বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ

দৰিদ্ৰ বিৰোধী সিদ্ধান্ত! সুলভ মূল্যৰ কেৰাচিন বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ

ডিজিটেল ডেস্কঃ অসমৰ বজাৰৰ পৰা অচিৰেই নোহোৱা হ'ব কেৰাচিন। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই কুচকাৱাজ। ৪ ছেপ্টেম্বৰ, ২০১৮ত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ-সচিবে বিভাগটোই সঞ্চালকলৈ প্ৰেৰণ কৰা এক পত্ৰত এই কথা স্পষ্ট হৈছে।

এই পত্ৰখনত প্ৰথমে পাইলট প্ৰজেক্ট হিচাপে কামৰূপ মহানগৰ জিলাখনক কেৰাচিনমুক্ত জিলা হিচাপে ঘোষণা কৰি ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল উপ-সচিবগৰাকীয়ে। বিজেপি মুখ্যমন্ত্ৰীসকলৰ সভাত লোৱা সিদ্ধান্ত অনুসৰি গুৱাহাটী মহানগৰৰ জি এম চি অন্তৰ্ভুক্ত অঞ্চলসমূহক কেৰাচিনমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে ১০ ছেপ্টেম্বৰৰ পৰা ।

এনে সিদ্ধান্তৰ ফলত এতিয়া কামৰূপ মহানগৰত বন্ধ হৈছে কেৰাচিনৰ বিক্ৰী। উল্লেখযোগ্য যে, পৰ্যায়ক্ৰমে এই কেৰাচিনমুক্ত অঞ্চল ৰাজ্যৰ আন আন স্থানলৈ প্ৰসাৰিত কৰা হ'ব। ইফালে অসমত প্ৰায় ২০ হাজাৰ ৰাজহ গাঁও আৰু সম পৰিমাণৰ বনগাঁও তথা চৰচাপৰি অঞ্চল আছে। যিবোৰ অঞ্চলত নাই বিজুলীৰ সংযোগ।

নগৰ-মহানগৰীয়া অঞ্চলৰ ১৫-২০ হাজাৰ পৰিয়ালৰ ঘৰত নাই বিদ্যুৎ সংযোগ তথা ৰন্ধন গেছ। এই লোকসকলে কেৰাচিন ব্যৱহাৰেৰে চাকি, লেম্প জ্বলোৱাৰ লগতে ষ্টভত ৰন্ধন কাৰ্য সম্পন্ন কৰে। চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত ঠেলাৱালা, ৰিক্সাৱালাৰ এই দৰিদ্ৰ শ্ৰেণীটো যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ গ্ৰামাঞ্চলত ১৪ লাখ লোকৰ ঘৰত বিদ্যুৎ সংযোগ নথকাৰ বাবে তেওঁলোকো কেৰাচিনৰ ওপৰতে নিৰ্ভৰ কৰে। চৰকাৰে দিয়া এই তথ্যৰ উপৰি ৰাজহ জৰিব বহিঃভূত চৰ-চাপৰিকে ধৰি বৃহৎ সংখ্যক গাঁৱৰ বহু লক্ষ পৰিয়াল এতিয়াও বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে।

তেনেস্থলত এই দৰিদ্ৰ লোকসকলে কেৰাচিনৰ অভাৱত কি পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে দৰিদ্ৰ লোকৰ ঘৰত বিদ্যুৎ সংযোগ নথকাৰ বাবেই 'উজ্বলা', 'কুটিৰ জ্যোতি' আঁচনি গ্ৰহণ কৰিছে। তেনেস্থলত এই সকল লোকে কেৰাচিনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কথা জানিও ৰাজ্য চৰকাৰে হঠাৎ গুৱাহাটীক কেৰাচিনমুক্ত অঞ্চল হিচাপে ঘোষণা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব ১৫-২০হাজাৰ মহানগৰীত বাস কৰা পৰিয়াল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in