শেহতীয়া খবৰ
জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...  •  ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী  •  এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব...

মহানগৰীত উন্মোচন হ’ল শিশু শিল্পী নিৰ্ভীতা বড়াৰ ‘প্ৰীতিৰে সুবাস’

167

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে মহানগৰীৰ ৰাজগড় বিহুতলীস্থিত জ’জা ষ্টুডিঅ’ত মুকলি কৰা হয় শিশু কণ্ঠশিল্পী নিৰ্ভীতা বড়াৰ একক কণ্ঠ আৰু অভিনয়ৰ ভিডিঅ’ সংগীত ‘প্ৰীতিৰে সুবাস’।
ভিডিঅ’ সংগীতটি মুকলি কৰে গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীয়ে। উল্লেখযোগ্য যে, গীতটোৰ দৃশ্যাংশৰ চিত্ৰায়ন কৰা হৈছে মেঘালয়ৰ ভালেকেইটা মনোমোহা লোকেচনত।

‘প্ৰীতিৰে সুবাস’ গীতটোৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ, সংগীত প্ৰশান্ত শইকীয়াৰ আৰু শব্দ মিশ্ৰণ ভূপেশ শইকীয়াৰ। আনহাতে গীতটোৰ ভিডিঅ’ৰ নৃত্য পৰিচালনা ধনজীত দাসৰ আৰু সম্পাদনা অসীম শৰ্মাৰ।

ডিব্ৰুগড়ৰ ভাদৈৰ নীপক’ প্ৰকল্পৰ কৰ্মচাৰী ৰাতুল বড়া আৰু জোনালী বড়াৰ কন্যা নির্ভীতাৰ এইয়া সংগীত জগতত প্ৰথম খোজ। শনিবাৰৰ অনুষ্ঠানটোত মোহময়ী অভিনেত্ৰী ফেৰিপ্ৰিয়াও উপস্থিত থাকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি