মহানগৰীত চাঞ্চল্যকৰ ঘটনা! দিন-দুপৰতে নাৰেংগীত দুৰ্বৃত্তই লুটিলে ধন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ নাৰেংগীত শনিবাৰে এগৰাকী ব্যক্তিৰ পৰা দুৰ্বৃত্তই ধন লুটৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে নাৰেংগীৰ ইউকো বেঙ্কৰ গ্ৰাহক চন্দন ৰাজবংশী নামৰ ব্যক্তি এগৰাকীয়ে নিজৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ পাছত ঘৰলৈ উভতিব লওঁতে বেংকৰ বাহিৰত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তই নগদ ২০,০০০ টকা কৌশলেৰে কাঢ়ি লৈ যায়।

ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্যক্তিগৰাকীয়ে ইউকো বেঙ্কৰ বেংকৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত বেংক কৰ্তৃপক্ষই চিচি টিভি ফুটেজৰ ভিত্তিত দুৰ্বৃত্তক বিচাৰি তদন্ত অব্যাহত ৰাখে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in