গুৱাহাটীত শিথিল হ’ল লকডাউন! খুলিব গেলামালৰ দোকান, ঘৰতে লাভ কৰিব ফলমূল-পাচলি…

গুৱাহাটীত শিথিল হ’ল লকডাউন! খুলিব গেলামালৰ দোকান, ঘৰতে লাভ কৰিব ফলমূল-পাচলি…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৫ জুলাইৰ পৰা ১২ জুলাইলৈকে গুৱাহাটীত কিছু ক্ষেত্ৰত শিথিল হ'ব লকডাউন। এই সম্পৰ্কত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষই এখন নিৰ্দেশনা প্ৰকাশ কৰিছে। মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰ আৰু বুধবাৰে এতিয়াৰে পৰা গুৱাহাটীত গেলামালৰ দোকান খুলিব পাৰিব। পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে খুলিব পাৰিব দোকান।

অৱশ্যে কেৱল ২০ শতাংশ দোকানহে খোলাৰ বাবে অনুমতি দিয়া হ'ব। এই সম্পৰ্কত জিলা উপায়ুক্তই নীতি নিয়ম নিৰ্ধাৰণ কৰি দিব। দোকানী আৰু গ্ৰাহকে মাস্ক পিন্ধিব লাগিব। লগতে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে মূল্যবৃদ্ধি নকৰাকৈ সামগ্ৰী বিক্ৰী কৰাত গুৰুত্ব দিব লাগিব দোকানীসকলে।

ইয়াৰ সমান্তৰালকৈ পাইকাৰী দোকানসমূহ কেৱল দেও আৰু মঙলবাৰেহে দোকান খুলিব পাৰিব। দোকান খোলাৰ বাবে বিয়লি ৩ বজাৰ পৰা ৬ বজালৈকে সময় নিৰ্ধাৰণ কৰা হৈছে। এফচিআইৰ কামসমূহো সঠিক মতে চলাব পৰা পাৰিব। অৱশ্যে সকলো ক্ষেত্ৰতে থাকিব লাগিব সামাজিক দূৰত্ব।

সোমবাৰ আৰু বুধবাৰে সামগ্ৰী বিক্ৰেতাসকলে গ্ৰাহকৰ ঘৰত গৈ পাচলি আৰু ফলমূল বিক্ৰী কৰিব পাৰিব। অৱশ্যে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকেহে বিক্ৰী কৰাৰ বাবে নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে।সোমবাৰ আৰু বুধবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে ঔষধ বা চিকিতসা সামগ্ৰী পাইকাৰী বিক্ৰী কৰাৰ বাবে অনুমতি দিয়া হৈছে। ১০ জুলাইত পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে ই কমাৰ্চো ব্যৱস্থাও খোলা থাকিব।

আৰু কি কি নিয়ম শিথিল হৈছে সবিশেষ তলৰ তালিকাত পঢ়ক,

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in