কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ গুৱাহাটী সদৰ চক্ৰই মঙলবাৰে অবৈধভাৱে গঢ়ি উঠা সুৰাৰ ঘাটিত অভিযান চলায়। মহানগৰীৰ নাৰেংগী ৰেল ষ্টেচন, বামুণীমৈদাম আৰু আঠগাঁওকে আদি কৰি কেবাটাও স্থানত অভিযান চলাই দলটোৱে। অভিযান কালত আঠগাঁৱত ৰেল লাইনৰ দাঁতিত অবৈধভাৱে নিৰ্মাণ কৰা সুৰাৰ ঘাটি উচ্ছেদ কৰে। ইয়াৰ লগতে আঠগাঁৱত প্ৰায় ৯০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে দুজন লোকক আটক কৰে।

ইফালে, গুৱাহাটী সদৰ আবকাৰী আৰু সোণাপুৰ আবকাৰী চক্ৰই সোণাপুৰৰ ১৪ মাইল, ১৩ মাইল, বৰ্ণিহাট আদি অঞ্চলত অভিযান চলাই বহু চুলাই নষ্ট কৰাৰ লগতে কেবাখনো অবৈধ সুৰাৰ বিপনী ধ্বংস কৰে। এই অভিযান কালত দলটোৱে আটক কৰে এজন লোকক। ইয়াৰ লগতেই বিভাগটোৱে গুৱাহাটী-কলংপাৰ ৰেলখনত নাৰেংগীত তালাচী চলাই বহু সুৰা জব্দ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in