শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

এজাক বৰষুণতে বুৰ গ’ল স্মাৰ্ট চিটি গুৱাহাটী

253

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ এজাক বৰষুণতে বুৰ গ’ল গুৱাহাটী। মাত্ৰ ১০ মিনিট ধৰি মঙলবাৰে দিনৰ ভাগত দিয়া বৰষুণে বুৰাই পেলালে মহানগৰীৰ ৰাজপথ। এয়া নতুন কথা নহলেও, পৰিবৰ্তনকামী চৰকাৰে দায়িত্ব লোৱা পিছতো এয়া যেন বাৰে বাৰে মহানাগৰিকৰ মনত বিৰক্তিকৰ কথা।

উল্লেখ্য যে, মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে মে’ মাহত কামৰূপ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা লৈছিল যদিও সেয়া যেন বুমেৰাঙত পৰিণত। ইফালে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ কেইবাখনো চহৰৰ লগতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি কৰাৰ কথাও ঘোষণা কৰিছিল সেয়াও প্ৰধানমন্ত্ৰী গৰাকীৰ সংকল্প হৈয়ে ৰয়। আনহাতে এই কৃত্ৰিম বানৰ ফলতে মহানগৰীৰ কেইবাটাও ৰাজপথ উলুবাৰী, অনিল নগৰ, গীতানগৰ, ৰাজগড়, ভঙাগড় আদি বুৰ যোৱাৰ লগতে যান যঁটৰ সৃষ্টি হৈ পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি