এজাক বৰষুণত পুনৰ বানত ডুব গ’ল মহানগৰী… চাওঁক VIDEO

এজাক বৰষুণত পুনৰ বানত ডুব গ’ল মহানগৰী… চাওঁক VIDEO
  • বৃহস্পতিবাৰে পুনৰ ধাৰাসাৰ বৃষ্টিপাতে ধোৱাই নিলে মহানগৰীক।
  • প্ৰায় ৩-৪ ঘণ্টা ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি।
  • মহানগৰীৰ প্ৰায়বোৰ বাট-পথত উঠিল পানী।
  • জি এছ ৰোড, চানমাৰী কলনী, অনিল নগৰ, নবীন নগৰ, জু-ৰোড তিনিআলি, গণেশগুৰি, সুন্দৰকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় কৃত্ৰিম বানৰ।
  • কৃত্ৰিম বানৰ ফলত সৃষ্টি হয় ব্যাপক যান-জঁটৰ।
  • বহু লোকে বাইক-স্কুটীবোৰ হাতেৰে ঠেলি ঠেলি পাৰ কৰিবলগীয়া হৈছে পথসমূহ।
  • বানৰ ফলত মহানগৰবাসীয়ে সন্মুখীন হৈছে ভীষণ অসুবিধাৰ।
  • চৰকাৰী-বেচৰকাৰী সকলো যান-বাহন চলাচল স্তব্ধ হৈ পৰে বানৰ ফলত।
  • পৰিয়ালৰ সৈতে স্বাধীনতা দিৱস উপলক্ষে ওলাই অহা লোকসকলো আৱদ্ধ হৈ পৰে পথত।
  • কেৱল পথতেই নহয়, মহানগৰীৰ ফুটপাথৰ ওপৰেৰে বৈছে পানী।
  • ইফালে, কিছু কিছু ঠাইত ফুটপাথৰ ওপৰ অংশ খোলা হৈ থকাৰ ফলত কোনো অঘটন ঘটাৰো আশংকা নথকা নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in