গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ কোৰোনাত আক্ৰান্ত…

গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ কোৰোনাত আক্ৰান্ত…

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হ'ল গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা। শনিবাৰে অৰ্থাৎ ৩ অক্টোবৰত ড০ কলিতাৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই কথা নিজেই সদৰী কৰিলে গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ গৰাকীয়ে।

তেওঁ লগতে জনাই যে, যোৱা ৩০ ছেপ্টেম্বৰত আৰটি-পিচিৰি টেষ্ট কৰাৰ পাছত শনিবাৰে তেওঁৰ কোভিড পজিটিভ বুলি ধৰা পৰে। বৰ্তমান তেওঁ খানাপাৰাৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে। সেয়েহে ৩০ ছেপ্টেম্বৰৰ নিকতৱৰ্তী দিন কেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও তেওঁ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in