মহানগৰীৰ নেহৰু ষ্টেডিয়ামত জুবিন গাৰ্গে মুকলি কৰিলে গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী

মহানগৰীৰ নেহৰু ষ্টেডিয়ামত জুবিন গাৰ্গে মুকলি কৰিলে গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ প্ৰথম আনুষ্ঠানিক জাৰ্ছী বৃহস্পতিবাৰে মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ চেম্পিয়ন্স ফুড ক'ৰ্টত উন্মোচন কৰা হয়৷ এই জাৰ্ছী মুকলি কৰে জনপ্ৰিয় সংগীত শিল্পী তথা জিচিএফচিৰ জন্মলগ্নৰে পৰা শুভাকাংক্ষী জুবিন গাৰ্গে।

ছাই বিকাশ, গুৱাহাটীৰ সঞ্চালক পি এছ ৰেড্ডী, চেম্পিয়ন্স ফুড ক'ৰ্টৰ স্বত্বাধিকাৰ কুলজিৎ বৰ্মন আৰু ইগুৱা পেকেজ্‌ড ড্ৰিংকিং ৱাটাৰৰ স্বত্বাধিকাৰী গৌৰৱ দাস উপস্থিত থকা অনুষ্ঠানত জিচিএফচিৰ মুখ্য প্ৰশিক্ষক ৰংমন দাসে ক্লাবৰ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে ব্যক্ত কৰে৷ তেওঁ কয় যে, ক্লাবৰ অনুৰ্ধ ২১ দলে সোমবাৰৰ পৰা জি এছ এ চি ডিভিজনত অংশ লৈ প্ৰথমবাৰলৈ আনুষ্ঠানিক প্ৰতিযোগিতামূলক ফুটবলৰ অধ্যায় আৰম্ভ কৰিব৷

গুৱাহাটী চিটী এফচিয়ে ইতিমধ্যে অসমৰ প্ৰথম সংগঠিত যুৱ লীগ 'গ্ৰেটাৰ গুৱাহাটী বেবী লীগ' অনুষ্ঠিত কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। ২০১৭ চনত জন্ম লাভ কৰিছিল জি চি এফ চিয়ে। তেতিয়াৰে পৰা ক্লাবটোৱে তৃণমূল পৰ্যায়ৰ উন্নয়নত মনোনিৱেশ কৰি আহিছে।

আজাৰা, ৰৌতা, গোৰেশ্বৰ আদি বিভিন্ন স্থানত ফুটবল স্কুল স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লগতে ক্লাবৰ য়ুথ একাডেমীৰ অধীনত ২৩ গৰাকী যুৱ খেলুৱৈক আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে ৷

ৰংমন দাসে লগতে কয় যে, ২০২০ বৰ্ষত য়ুথ আই লীগত যোগদানৰ প্ৰস্তুতি চলোৱা জিচিএফচিয়ে নিজৰ যুৱ দলসমূহৰপৰাই অহা পাঁচ বছৰৰ ভিতৰত ছিনিয়ৰ দল গঠনৰ লক্ষ্য বান্ধি লৈছে যাতে দেশৰ শীৰ্ষ লীগত অসমক প্ৰতিনিধিত্ব কৰিব পাৰি৷ অনুষ্ঠানত জিচিএফচিৰ সহঃ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ডৰিক ৰঞ্জন ডেকা, কৌস্তৱ চক্ৰৱৰ্তী, সহকাৰী প্ৰশিক্ষক ৰোহিত শইকীয়া, অনুৰ্ধ ২১ দলৰ অধিনায়ক মায়াৰাম বড়ো আৰু সহঃ অধিনায়ক সন্দীপ ছিয়াংশ্বাই উপস্থিত থাকে বুলি জিচিএফচিয়ে এক বিবৃতিৰ জড়িয়তে প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in