গুৱাহাটীত টকাৰ উজান! মহানগৰ আৰক্ষী-ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত উদ্ধাৰ ৭০ লক্ষাধিক টকা…

গুৱাহাটীত টকাৰ উজান! মহানগৰ আৰক্ষী-ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত উদ্ধাৰ ৭০ লক্ষাধিক টকা…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ চলাপৰাত মহানগৰ ক্ৰাইম ব্ৰাঞ্চে চলোৱা এক অভিযানত উদ্ধাৰ হৈছে বিশাল পৰিমানৰ ধন। এগৰাকী মণিপুৰী মহিলাৰ ঘৰত চলোৱা এই অভিযানত মুঠ ৭৩,৭০,২০০ টকা উদ্ধাৰ হয়।

প্ৰায় ৩ ঘন্টা ধৰি চলাপৰাত থকা কলাচনি এপাৰ্টমেন্টৰ চতুৰ্থ মহলাত এই অভিযান চলাইছিল। আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক জানিব দিয়া মতে, মণিপুৰৰ এইগৰাকী মহিলাই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা এক বিশেষ খবৰ লাভ কৰিছিল।

সেই সূত্ৰে আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ লোকে এই অভিযান চলাইছিল মহিলাগৰাকীৰ ফ্লেটত। এই ঘৰটোৰ পৰা মুঠ ৩গৰাকী লোকক আটক কৰিছে অভিযানকাৰী আৰক্ষীৰ দলে। তেওঁলোক ক্ৰমে- চাম লাইথাং, বাম থাংখোচাট আৰু সংগীতা লিছাংবাম।

সংগীতা নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ আছিল। মহানগৰীত কোৰোনাৰ পৰিৱেশৰ মাজতে আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হোৱা এই ধন ড্ৰাগছ সৰবৰাহ সৈতে জড়িত ধন বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখ্যযোগ্য যে, মহিলা গৰাকীয়ে ঘৰৰ বিভিন্ন প্ৰান্তত থকা ট্ৰাংক, বিভিন্ন বটল বা পাত্ৰত টকাসমূহ ৰখাই থৈছিল। উদ্ধাৰ হোৱা টকাসমূহৰ ভিতৰত আছে অধিকাংশই ৫০০ টকীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in