শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

কৃষক মুক্তিৰ প্ৰচেষ্টাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোভিড-১৯ পৰীক্ষা, ছেনিটাইজেশ্যন…

365

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ন্যায়ালয়ৰ নিৰ্দেশত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কোভিড-১৯ পৰীক্ষা আৰম্ভ কৰা হ’ল। এই পৰীক্ষা কৰা সকলৰ ভিতৰত বৰ্তমানলৈ ২০জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।

কাৰাগাৰত থকা যি সকলৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে তেওঁলোকক চিকিৎসালয়লৈ পঠিওৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। লগতে কৰা হৈছে কাৰাগাৰখন ছেনিটাইজেশ্যন। ইফালে, কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ বিতু সোণোৱালক হাস্পতাললৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে, পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে কাৰাগাৰত বন্দী হৈ থকা আন সকলৰ বাবে কোভিড-১৯ টেষ্ট, কাৰাগাৰ ছেনিটাইজেশ্যন কৰাৰ বাবে দাবী জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। অৱশেষত আদালতৰ কাষ চপাত ন্যায়ালয়ে কোভিড-১৯ পৰীক্ষা আৰু কাৰাগাৰ ছেনিটাইজ কৰা নিৰ্দেশ দিয়ে। ইফালে, কৃষক মুক্তিৰ নেতাসকলৰ এই প্ৰচেষ্টাৰ বাবে কাৰাবন্দীসকলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি